বৰমা, 5 অক্টোবৰ: সোমবাৰে বাক্সাৰ মুছলপুৰত প্ৰাক্তন এনডিএফবিৰ কেডাৰসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এনডিএফবিৰ তিনিটা গোটৰ শতাধিক কেডাৰৰ প্ৰতিবাদী কণ্ঠই উত্তাল কৰিলে প্ৰতিবাদস্থলী ৷ ৰঞ্জন দৈমাৰী গোট, ধীৰেণ বড়ো গোট আৰু বি চাওৰেগ্ৰা গোটৰ কেডাৰসকল একত্ৰিত হৈ কেবাটাও দাবী উত্থাপনেৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰতিবাদকাৰী সকলৰ দাবী অনুসৰি, প্ৰাক্তন এনডিএফবি সকলক পুনৰ সংস্থাপন দিয়া, এনডিএফবিৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰা, কাৰাৰুদ্ধ এনডিএফবি সকলক মুক্তি দিয়া, চুক্তি স্বাক্ষৰকাৰী এনডিএফবি সকলক বিশেষভাৱে নিয়োগ কৰাৰ লগতে শ্বহীদ পৰিয়ালক এককালীন সাহাৰ্য প্ৰদান কৰিব লাগে ৷ উল্লেখ্য যে, এনডিএফবিৰ চাৰিটা গোট আৰু এবছুৰ সৈতে কেন্দ্ৰ চৰকাৰে স্বাক্ষৰ কৰা বিটিআৰ চুক্তি বিগত আঠ মাহে ৰূপায়ন নকৰাত ক্ষোভিত হৈ পৰিছে প্ৰাক্তন এনডিএফবি সকল ৷ তেওঁলোক বিটিআৰ চুক্তিৰ নামত চৰকাৰে প্ৰতাৰণা কৰা বুলিও অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক: মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ