বৰমা, 21 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে বাক্সা জিলাৰ বৰমাত এনডিএফবিৰ চাৰিওটা গোটে এক সংবাদমেল আয়োজন কৰে ৷ উক্ত সংবাদমেলত চৰকাৰ আৰু বি টি চি শাসকপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে এনডিএফবিৰ চাৰিওটা গোটে ৷ শান্তি চুক্তি স্বাক্ষৰকাৰী অন্যতম এমডিএফবি নেতা ৰঞ্জন দৈমাৰীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷ আনহাতে, এনডিএফবিৰ আত্মসমৰ্পণকাৰী নেতা বি চাওৰাইগৌৰা,বি সৌমখৌৰ ওৰফে গোবিন্দ বসুমতাৰী,এম ফৈলাও আৰু এন দানসৌৰাং উপস্থিত থকা উক্ত সংবাদমেলত ৰঞ্জন দৈমাৰীক অহা ২৫ ফেব্ৰুৱাৰীত মুক্তি নিদিলে পুনৰ গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে ৷ লগতে অহা ২৪ ফেব্ৰুৱাৰীত ওদালগুৰিত হ’বলগীয়া বি টি আৰ শান্তি চুক্তিৰ বিজয় উৎসৱ প্ৰত্যাহাৰৰো হুংকাৰ দিয়ে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ বাহনত হোৱা আক্ৰমনৰ ঘটনাক নাটক আখ্যা দিয়ে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গৰাকীয়ে ৷ আনহাতে, উক্ত সংবাদমলত আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনত এনডিএফবিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰো ইংগিত দিয়ে গোবিন্দ বসুমতাৰীয়ে ৷
ইয়াৰ উপৰিও এনডিএফবি(সংবিজিত) গোটৰ নেতা বি বিদাই ওৰফে বিষ্ণু গৈয়াৰীয়ে আত্মসমৰ্পণৰ সময়ত প্ৰীয়া বসুমতাৰীক হত্যাৰ বাবে ব্যৱহাৰ কৰা মাৰনাস্ত্ৰটো চৰকাৰৰ ওচৰত জমা দিয়া সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত শান্তি চুক্তিৰ সময়ত আত্মসমৰ্পণকাৰী এনডিএফবি নেতা কেডাৰ সকলে সকলো অস্ত্ৰ চৰকাৰৰ ওচৰত জমা দিয়া বুলি মন্তব্য কৰে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক-আৰ টি আই কৰ্মী দুলাল বৰাৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান