ETV Bharat / state

National level dance workshop in Assam: বাক্সাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য কৰ্মশালাৰ সামৰণি

author img

By

Published : May 22, 2023, 7:46 AM IST

বাক্সা জিলাৰ কে চি কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰথম নৃত্যছায়া কলা আংগনৰ শাস্ত্ৰীয় নৃত্য কৰ্মশালা তথা নৃত্য উৎসৱৰ সামৰণি পৰে (National level dance workshop concludes in Baksa) ৷

dance workshop
বাক্সাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য কৰ্মশালা

বাক্সা, ২২ মে’: বাক্সা জিলাৰ হজুৱাস্থিত ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত নৃত্যছায়া কলা আংগনৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য কৰ্মশালাখনৰ সফল সামৰণি পৰে ৷ বিগত ১৫ মে’ৰ পৰা অনুষ্ঠিত নৃত্য উৎসৱৰ সামৰণি অনুষ্ঠান শনিবাৰৰ সন্ধিয়া অনুষ্ঠিত হৈ যায় ৷ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য কৰ্মশালাত শাস্ত্ৰীয় নৃত্য (ভাৰতনাট্যম, কথক নৃত্য, ওডিছী নৃত্য), লঘু শাস্ত্ৰীয় নৃত্য, লোকনৃত্য আৰু আধুনিক বড়ো নৃত্যৰ কৰ্মশালাৰ লগতে নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত হয় (National level dance workshop concludes in Baksa) ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান উদ্বোধন কৰি ছত্তিশগড়ৰ ইন্দিৰা সংগীত কলা বিদ্যালয়ৰ ভাৰত নাট্যমৰ অধ্যাপিকা এছ মেদিনী হোমবালে কয় যে, "নৃত্যৰ ভাষা সকলোৱে বুজি পায় । এগৰাকী নৃত্য পটীয়সীয়ে নৃত্য পৰিৱেশনৰ আৰম্ভণিতে আৰু নৃত্য পৰিৱেশনৰ অন্তত ভূমি চুই দৰ্শক ৰাইজক প্ৰণাম কৰে । এয়াই নৃত্যৰ পৰিভাষা । ছায়াশ্ৰী দেশৰ পূব প্ৰান্তৰ জীয়ৰী হৈও দক্ষিণ ভাৰতৰ এটি নৃত্যকলাৰ প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগেৰে মহৎ কৰ্ম সম্পাদন কৰি আছে । তেওঁৰ পৰিয়ালেও এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰিছে । তাৰবাবে ছায়াশ্ৰী আৰু তেওঁৰ পৰিয়ালক আন্তৰিক ধন্যবাদ জনাওঁ" ৷

উল্লেখ্য যে বাক্সাৰ হজুৱাস্থিত ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত নৃত্যছায়া কলা আংগনৰ উদ্যোগত যোৱা ১৫ মে’ৰ পৰা ১৯ মে’ লৈকে শাস্ত্ৰীয় নৃত্য (ভাৰতনাট্যম, কথক নৃত্য, ওডিছী নৃত্য), লঘু শাস্ত্ৰীয় নৃত্য, লোকনৃত্য আৰু আধুনিক বড়ো নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিল (National level dance workshop) । হজুৱাৰ নৃত্যছায়া কলা আংগনৰ অধ্যক্ষা ছায়াশ্ৰী বসুমতাৰীয়ে অংশগ্ৰহণ কৰা উদ্বোধনী অনুষ্ঠানত অধ্যাপিকা এছ মেদিনী হোমবালৰ লগতে সাহিত্য অকাডেমীৰ অনুবাদ বঁটাপ্ৰাপক গোবিন্দ নাৰ্জাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন আঞ্চলিক সম্পাদক, সাংবাদিক দামোদৰ তালুকদাৰ, সাংবাদিক, অৱসৰ প্ৰাপ্ত শিক্ষক হৰিহৰ দাস আৰু কে চি কলেজৰ অধ্যক্ষ জৌশ্ৰাং বড়োয়েও বন্তি প্ৰজ্বলন কৰে ৷

অনুষ্ঠানত অতিথি শিল্পী প্ৰমিলা, সহকাৰী অধ্যাপক উদয়, সম্ৰাট চৌধুৰী আৰু মাধুৰী পুৰামে আদি শিল্পীয়ে বিভিন্ন শাস্ত্ৰীয় নৃত্য পৰিৱেশন কৰে আৰু দিপুৰাম বড়োৱে ছেৰজা বাদন পৰিৱেশন কৰে (National level dance workshop in Assam) । অনুষ্ঠানত কথক নৃত্যকে ধৰি বিভিন্ন শিতানৰ নৃত্যৰ বঁটা বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰা হয় । শনিবাৰৰ অনুষ্ঠানৰ বিভিন্ন নৃত্য প্ৰতিযোগিতাসমূহ উদ্বোধন কৰে দুলাৰায় হাৰিমু আফাতৰ উপদেষ্টা শিল্পী ৰজনী স্বৰ্গীয়াৰীয়ে ।

লগতে পঢ়ক : Assam primary school teacher: 36 হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে চৰকাৰক ঘূৰাই দিব টেবলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.