ETV Bharat / state

দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত শুভাৰম্ভ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়

author img

By

Published : Dec 3, 2019, 6:58 PM IST

Updated : Dec 3, 2019, 9:53 PM IST

বাক্সা জিলাৰ নাগ্ৰিজুলিত ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই 3 ডিচেম্বৰ তাৰিখ মঙলবাৰে উদ্বোধন কৰা হয় নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ লগতে তামুলপুৰ দিঘেলীপাৰত 30খন বিচনাযুক্ত চিকিৎসালয়খন 50খন বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰিত কৰে ৷

BTC Chief Hagrama Mohilary in Tamulpur, BTC Chief inaugurates Model Hospital Nagrijuli, নাগ্ৰীজুলিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচি প্ৰধানে উদ্বোধন কৰিলে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়
শুভাৰম্ভ হ'ল নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়

বাক্সা, 3 ডিচেম্বৰঃ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই নাগ্ৰীজুলিবাসী ৰাইজৰ বাবে মুকলি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় ৷ মঙলবাৰে অৰ্থাৎ 3 ডিচেম্বৰ তাৰিখে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰে নৱ-নিৰ্মিত চিকিৎসালয়খন ৷ ইয়াৰ উপৰিও তামুলপুৰ দিঘেলীপাৰত 30খন বিচনাযুক্ত চিকিৎসালয়খন 50খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

শুভাৰম্ভ হ'ল নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় উদ্বোধন কৰাৰ পিচতেই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ সভাত স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী আৰু মহেশ্বৰ বসুমতাৰী উপস্থিত থাকে ৷ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত কোনোধৰণৰ অসুবিধা নহয় বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়কঃ ভূপাল গেছ দুৰ্ঘটনাৰ 35 টা বছৰঃ প্ৰাপ্য বিচাৰি সংগ্ৰাম ভুক্তভোগীৰ

Intro:বাক্সাৰ তামুলপুৰত দিঘেলীপাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ পৰা ৫০ খনলৈ উন্নতি , নাগ্ৰীজুলীত আদৰ্শ চিকিৎসালয়ৰ শুভাৰম্ভ ।

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাত মঙ্গলবাৰে ১০:৩০ বজাত দিঘেলীপাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ পৰা ৫০ খনকৈ উন্নতি কৰা হল । লগতে আজিয়েই ১১ বজাত নাগ্ৰীজুলীত নৱ নিৰ্মিত নাগ্ৰীজুলী আদৰ্শ চিকিৎসালয়ৰ শুভাৰম্ভ কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । উক্ত চিকিৎসালয় খন হোৱাৰ ফলত অঞ্চলটোৰ বহু লোকৰ সুবিধা হব বুলি জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে ।
তেওঁ ভাষণ প্ৰসংগতে অতিশিঘ্ৰেই এন ডি এফ বি প্ৰগতিশীল ধীৰেন বড়োৰ গোটৰ জৰিয়তে শান্তি চুক্তি স্বাক্ষৰ হব বুলি কয় । আনহাতে মহিলাৰীয়ে এবছু কটাক্ষ কৰি যে এবছুৱে দিল্লীত পৃথক ৰাজ্য নালাগে বুলি কয় আৰু ইয়াত আহি ন বড়োলেণ্ড ন ৰেষ্ট শ্লো গানৰ কি অৰ্থ আছে বুলি কয়।

Conclusion:উল্লেখ্য যে মঙ্গলবাৰে দিনৰ ১২ বজাত নৱ নিৰ্মিত নাগ্ৰীজুলী আদৰ্শ চিকিৎসালয় খন মুকলি অনুষ্ঠানৰ পিছতেই এইখনী ৰাজুহুৱা সভা আহ্বান কৰা হয় । সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী সংগ দিয়ে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে ই এম বিজিৎ গৌৰা নাৰ্জাৰী আৰু মহেশ্বৰ বসুমতাৰীয়ে । ৰাজুহুৱা সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অৰ্থাৎ CAB সম্পৰ্কে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱা ৩০ নবেম্বৰত দিল্লীত অমিত শ্বাহৰ সৈতে মিলিত হোৱাৰ সময়ত তেওঁ কেনেদৰে নিজৰ বক্তব্য দাঙি ধৰিছিল সেয়া কয় যে যেনেদৰে উত্তৰ প্ৰদেশত ৰাম মন্দিৰ আৰু বাবৰী মুজ্জিদ ওপৰত উচ্চতম ন্যায়ালয়ে ৰায়দান দিয়া হৈছিল আৰু কাশ্মীৰত Article ৩৭০ ধাৰা উঠাই লোৱাৰ পিছত যেনেদৰে কোনো ধৰণৰ কাৰো একো অসুবিধা হোৱা নাই তেনেদৰে অসমতো CAB অহাৰ পিছত একো অসুবিধা হব নালাগে বুলি বক্তব্য দাঙি ধৰিছো বুলি কয় ।
উক্ত সভাত সহস্ৰাধিক ৰাইজৰ লগতে বিপিএফ দল বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Dec 3, 2019, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.