ETV Bharat / state

Naba Sarania slams BJP: সাংসদ হ’বলৈকে বিজেপিৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই

author img

By

Published : Dec 1, 2022, 10:30 PM IST

আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাটোৱে বিজেপিৰ মূল লক্ষ্য ৷ সাংসদ হোৱাৰ বাবে কেতিয়াও নাগপুৰীয়া অথবা বিজেপিৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই ৷ বৃহস্পতিবাৰে বাক্সাৰ পলাশগুৰীত নৱ শৰণীয়াই এই বিস্ফোৰক মন্তব্য (Naba Sarania on BJP) প্ৰকাশ কৰে ৷

Naba Sarania slams BJP
Naba Sarania slams BJP: সাংসদ হ’বলৈকে বিজেপিৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই

বাক্সা, ১ ডিচেম্বৰ: " আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাটোৱে বিজেপিৰ মূল লক্ষ্য ৷ সাংসদ হোৱাৰ বাবে কেতিয়াও নাগপুৰীয়া অথবা বিজেপিৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই ৷ বিটিচিৰ ৰাইজক লৈ নিৰ্বাচন খেলাৰ কেপাচিটি আছে নৱ শৰণীয়াৰ ৷ নৱ শৰণীয়াই অকলে বিটিচিৰ ৰাইজক লৈ নিৰ্বাচন খেলিব পৰা ক্ষমতা আছে ৷" বৃহস্পতিবাৰে বাক্সাৰ পলাশগুৰীত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই (Naba Sarania on BJP) ৷

সাংসদ হ’বলৈকে বিজেপিৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই

সম্প্ৰতি বিটিচিৰ একমাত্ৰ কোকৰাঝাৰ লোকসভা সমষ্টিটোক লৈ ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা ৷ আগন্তুক ২০২৪ চনত কাৰ দখললৈ যাব কোকৰাঝাৰ তাকে লৈ হিচাপ নিকাচ অব্যাহত আছে ৷ তাৰ মাজতে আজি বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই (MP Naba Sarania) এই সন্দৰ্ভত প্ৰদান কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

পলাশগুৰিত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে কোকৰাঝাৰত নিৰ্বাচন খেলিবলৈ তেওঁক কাৰো সহায়ৰ প্ৰয়োজন নাই (Naba Sarania slams BJP)৷ ইয়াৰ বাবে বিজেপিৰ সহায় লবলগীয়া নাই ৷ বিটিচিৰ ৰাইজক লৈ নিৰ্বাচন খেলাৰ সম্পূৰ্ণ সামৰ্থ তেওঁৰ আছে ৷ তেওঁ কয় যে কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ বাহিৰে কোনোৱে জিকিব নোৱাৰে ৷

আনহাতে ২০২৫ চনত বিজেপিয়ে বিটিচি দখল কৰিব বুলি দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJP state president Bhabesh Kalita) কৰা মন্তব্য সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ শৰণীয়াই ৷ তেওঁ কয় যে আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাটোৱে বিজেপিৰ মুল লক্ষ্য ৷ তেনেক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সঁচা কথাই প্ৰকাশ কৰিছে ৷

বিটিচিত পৰিষদ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ ইয়াৰ মাজতে সাংসদ শৰণীয়াই সমগ্ৰ দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিকতাবাদী দল সমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Badaruddin Ajmal Slams BJP : কোনো চৰকাৰৰ লগতেই আমাৰ বুজাবুজি নাই: আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.