ETV Bharat / state

একালৰ সতীৰ্থই মিছলীয়া আখ্যা দিলে নৱ শৰণীয়াক

author img

By

Published : Nov 18, 2020, 5:52 PM IST

Updated : Nov 18, 2020, 6:14 PM IST

বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ আৰম্ভ হৈছে বোকা চটিওৱা ৰাজনীতি ৷ এইবাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে তীব্ৰ বাক্য়বাণ প্ৰাক্তন অবড়ো নেতাৰ ৷

btc election
btc election

বাক্সা, 18 নবেম্বৰ : ইতিমধ্যে ঘোষণা হ’ল বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি অহা 7 আৰু 10 ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ আনহাতে, ভোট গণনা কৰা হ’ব 12 ডিচেম্বৰ তাৰিখে ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমুহ ৷ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ঢৌ উঠিছে তীব্ৰ বাক-যুদ্ধৰ ৷

এইবাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে তীব্ৰ বাক্য়বাণ প্ৰাক্তন অবড়ো নেতাৰ ৷ মুছলপুৰ বিটিচি পৰিষদীয় সমষ্টিৰ পুৱ ভোগপুৰত অনুষ্ঠিত মুছলপুৰ জিলা ধৰ্মীয় সংখ্যালঘু গোটৰ সভাত উপস্থিত থাকি নৱ কুমাৰ শৰণীয়াক নিজক চিনিপোৱা ব্যক্তি বুলি মন্তব্য কৰে ৰফিক আহমেদে ৷ ৰফিক আহমেদ হৈছে প্ৰাক্তন অবড়ো নেতা তথা সাংসদ নৱ কুমাৰ শৰণীয়াৰ সোঁহাত স্বৰূপ ৷

একালৰ সতীৰ্থই মিছলীয়া আখ্যা দিলে নৱ শৰণীয়াক

আনকি বিটিএডিত বড়ো-অবড়োৰ ৰাজনীতি কৰি দুবাৰ কৈ লোকসভাৰ সাংসদ হোৱা নৱ কুমাৰ শৰণীয়াই কেৱল ল’ব জানে দিব নাজানে বুলি মন্তব্য কৰে ৰফিক আহমেদে ৷ দুবাৰ কৈ সাংসদ হোৱাৰ পাচতো চাৰি অনা পইচাও সমষ্টিটোত উন্নয়নৰ নামত খৰছ কৰা নাই বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ দৰে মিথ্যাচাৰী সাংসদ সমগ্ৰ ভাৰততে নাই বুলি ভাষণত কয় ৰফিক আহমেদে ৷

সংখ্যালঘু গোটৰ সভাত উপস্থিত থাকি মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে নিৰ্বাচনত জয়ী হ’লে কৃষকৰ সমস্যাৰ ওকৰত গুৰুত্ব দিয়াৰ কথা সদৰি কৰে ৷ সাংসদ নৱ কুমাৰ শৰণীয়াই বি টি এ ডিৰ পৰা গাঁও কৰ্তনৰ ৰাজনীতি কৰি সুবিধা গ্ৰহণ কৰিছিল যদিও এইবাৰ সেই ৰাজনীতিৰে তেওঁৰ গণ সুৰক্ষা পাৰ্টী দলৰ প্ৰাৰ্থী কোনো কাৰণতে জয়ী হ’ব নোৱাৰে বুলি কয় বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়োৱে ৷

সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই সততে বি পি এ ফৰ দুৰ্নীতিৰ কথা কৈ আছে যদিও ৰাকেশ ব্ৰহ্মই নিজে ঠিকাদাৰীৰ নামত কাম নকৰাকৈ ধন আত্মসাৎ কৰা বুলি মন্তব্য কৰে বি পি এফ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে ৷ সমষ্টিটোৰ পৰা এইবাৰ বিপুল ভোটতত জয়ী হ’ব আশাবাদী বিপিএফ প্ৰাৰ্থী গৰাকী ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক বতৰ বিজ্ঞানী : ৰকিবুল হুছেইন

Last Updated : Nov 18, 2020, 6:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.