বাক্সা,22 ডিচেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচন সমাপ্ত হোৱাৰ 15 দিন সম্পূৰ্ণ নৌহওতেই বাক্সাৰ মুছলপুৰত এগৰাকী বিজেপি কৰ্মীক ডেগাৰেৰে হানি-খুচি হত্যা কৰে দুৰ্বৃত্তই ৷ এই হত্যাকাণ্ডৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি,বাক্সাৰ আনন্দপুৰ চি ব্লক গাঁৱৰ মিন্টু কলিতা নামৰ বিজেপি কৰ্মী তথা ব্যৱসায়ী গৰাকীক সোমবাৰে নিশা মুছলপুৰৰ পৰা নিজ গৃহলৈ স্কুটিৰে আহি থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ মুছলপুৰৰ সমীপৰ লামিদাৰাত সংঘটিত এই আক্ৰমণৰ ফলত ব্যৱসায়ীগৰাকীয়ে থিতাতে মৃত্যুবৰণ কৰে ৷ ব্যৱসায়ীগৰাকীৰ মূৰ আৰু পেটত দুৰ্বৃত্তই ডেগাৰেৰে আক্ৰমণ কৰি মৃতদেহটো হাবিৰ মাজত পেলাই থৈ যায় ৷
মঙলবাৰে পুৱা স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বাক্সা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কোনে কি কাৰণে ব্যৱসায়ীগৰাকীক হত্যা কৰিলে সেয়া এই মুহুৰ্তলৈকে পোহৰলৈ অহা নাই ৷ ঘটনা সন্দৰ্ভত বাক্সা আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷
লগতে চাওকঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষণ কৰিছে বনভোজৰ দলক