ETV Bharat / state

বাক্সাত নৃশংস হত্যাকাণ্ড - murder at baksha nagajuli

বৃহস্পতিবাৰে বাক্সাত সংঘটিত হয় নৃশংস হত্যাকাণ্ড ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২ নং দোঙাৰ গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড ৷ কাতিৰাম বড়ো ওৰফে ৰাজু বড়ো নামৰ এজন যুৱকক চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা কৰে অচিন দুৰ্বৃত্তই ৷

বাক্সা
বাক্সাত নৃশংস হত্যাকাণ্ড
author img

By

Published : Mar 6, 2020, 8:03 PM IST

বাক্সা, 6 মাৰ্চঃ বাক্সাৰ ২ নং দোঙাৰগাঁৱত এজনক নৃশংসভাৱে হত্যা । 5 মাৰ্চত তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২ নং দোঙাৰ গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড ৷ কাতিৰাম বড়ো ওৰফে ৰাজু বড়ো নামৰ এজন যুৱকক চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা কৰে ৷ নিহত ৰাজুৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ৰাজুৱে পাব লগা ধন বিচাৰি ডোঙাৰ গাঁৱৰ ইনতাজ আলীৰ ঘৰলৈ যায় ৷ ৰাজুৱে প্ৰাপ্য ধন বিচাৰি যোৱাৰ আগতে দোঙাৰ গাঁৱৰ কেইজন মান বন্ধুৰ লগত খানা খায় ইনতাজ আলীৰ ঘৰলৈ ধন বিচাৰি যায় বুলি মন্তব্য কৰে ৰাজুৰ পৰিয়ালে ৷

আনহাতে, শুকুৰবাৰে পুৱাৰ ভাগত ইনতাজ আলীৰ ঘৰৰ পৰা নাতি দূৰৈৰ এটা সৰু জানৰ ওপৰত ৰাজুক মৃত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ লগে লগে কোনো লোকে নাগ্ৰিজুলী আৰক্ষী চকীৰ লগতে ৰাজুৰ পৰিয়ালক ঘটনা সম্পৰ্কত খবৰ দিয়ে ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বৃহস্পতিবাৰে নিশা মৃত ৰাজুই খানা খোৱা বন্ধু কেইজনক সোধপোচৰ বাবে আৰক্ষী চকীলৈ লৈ অহাৰ উপৰিও অভিযুক্ত ইনতাজ আলীক আটক কৰিবলৈ বাসগৃহত উপস্থিত হয় যদিও পলাতক হৈ আছে ইনতাজ আলী ৷ আনহাতে, পলাতক ইনতাজ আলীক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আৰু পঢ়কঃ ন্যায্য় প্ৰাপ্তিৰ দাবীৰে শিৱসাগৰত শতাধিক মহিলাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.