মুছলপুৰ, 19 এপ্ৰিলঃ মুছলপুৰত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী সভাত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োৰ লগতে অঞ্জলী দৈমাৰী ৷ এই সভাৰ পিচত প্ৰমোদ বড়োৰ কটাক্ষ হাগ্ৰামা মহিলাৰীয়ে অতি নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে । তেখেতে এতিয়া পঞ্চাশ পইচাৰ চাউলৰ প্ৰলোভন দিছে বুলি উল্লেখ কৰে ৷
আনহাতে অঞ্জলী দৈমাৰীয়ে মহিলা সকলক দুবাৰ তিনিবাৰকৈ বিয়া হৈ দুতলা তিনি তলা সোণ ল’বলৈ আহ্বান জনোৱা হাগ্ৰামৰ মন্তব্যক মহিলা সমাজক অপমান বুলি কয় অঞ্জলী দৈমাৰীয়ে । আজিৰ দিনত মহিলা সকলে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে তেনে সময়ত মহিলাৰ প্ৰতি এনেধৰণৰ মন্তব্য দিয়াটো অতি দুৰ্ভাগ্যজনক । হাগ্ৰামা মহিলাৰী এন ডি এফ বি ৰ বি বিদায়, ৰঞ্জন দৈমাৰী গোট আৰু সংবিজিত গোট, আৰু গোবিন্দ বসুমতাৰীক আলোচনাৰ মাজলৈ অনাৰ বাবে আহ্বান জনোৱা কাৰ্যক নাটক আখ্যা দি ইমান দিন ক’ত শুই আছিল বুলি নেতা গৰাকীয়ে প্ৰশ্ন কৰে ।