ETV Bharat / state

প্ৰমীলাৰাণীৰ গণ সুৰক্ষা পাৰ্টীত যোগদানৰ বাহিৰে বিকল্প নাথাকিবঃ নৱ শৰণীয়া

author img

By

Published : Nov 10, 2019, 8:52 PM IST

বাক্সাৰ তামুলপুৰত গণ সুৰক্ষা পাৰ্টিৰ জিলা সমিতি গঠন ৷ সংবাদ মাধ্যমেৰ সৈতে হোৱা চমু বাৰ্তালাপত ৰাজ্যিক কেবিনেট মন্ত্ৰী প্ৰমীলাৰাণীৰ লগতে বিপিএফৰ সমালোচনাত সৰৱ হৈ পৰে সাংসদ নৱ শৰণীয়া ৷

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পাছতেই প্ৰমীলাৰাণীৰ গণ সুৰক্ষা পাৰ্টীত যোগদানৰ বাহিৰে বিকল্প নাথাকিবঃ নৱ শৰণীয়া

বাক্সা,10 নৱেম্বৰঃ বাক্সা জিলাৰ তামুলপুৰত দেওবাৰে গণ সুৰক্ষা পাৰ্টিৰ তামুলপুৰ জিলা সমিতি গঠন কৰা হয় । দুপৰীয়া তামুলপুৰ বজাৰৰ দূর্গা মন্দিৰ প্ৰাঙ্গণত জিলা সমিতি গঠন সভাত উপস্থিত থাকে দলটোৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া । সভাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক চমু বাৰ্তালাপত সাংসদ গৰাকীয়ে কয় যে, "বিগত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পাছৰে পৰা প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউৰ মতিভ্ৰম হৈছে ৷ সেয়ে তেওঁক তেজপুৰ যাব লাগিব বুলি কৈছে, কিন্তু তেজপুৰলৈ কোন যাব লাগে আৰু নালাগে সেয়া ৰাইজে ভালদৰে জানে" বুলি উল্লেখ কৰে শৰণীয়াই ৷ আনহাতে আগন্তক ২০২০ চনত গণ সুৰক্ষা পাৰ্টিয়ে বিটিচি পৰিষদ দখল কৰিব উল্লেখ কৰাৰ লগতে পৰৱৰ্তী সময়ত বি টি এ ডিত বিপিএফ দলৰ কোনো অস্তিত্ব নাথাকিব বুলি অভিমত ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷ প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউৱে নিজৰ স্বাৰ্থত গণ সুৰক্ষা পাৰ্টিত যোগদান কৰিব বুলি কটাক্ষ কৰে সাংসদ শৰণীয়াই ৷

ইমানেই নহয়, পৰিষদীয় নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে হাগ্ৰামা, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু চন্দন ব্ৰহ্মই ধীৰেন বড়োৰ কান্ধত বন্দুক থৈ গুলী ফুটুৱাব বুলি কটাক্ষ কৰে সাংসদ নৱ শৰণীয়াই ৷ বিটিচি পৰিষদত ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰি সাংসদগৰাকীয়ে এইক্ষেত্ৰত এক প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰিলেই বহু লোকৰ জেললৈ যোৱাৰ পথ প্ৰশস্ত হৈ আছে বুলি দাবী কৰে ৷ হাগ্ৰামা এণ্ড কোম্পানীক কোনো কাৰণতে ৰক্ষণাবেক্ষণ নিদিবলৈ বিপিএফৰ মুখ্য সহযোগী দল বিজেপিক সকীয়নি প্ৰদান কৰে ৷ তেওঁ লগতে কয় যে, যদিহে দলটোৱে এইক্ষেত্ৰত সহযোগ কৰে তেন্তে বিটিএডিত বি পি এফে কৰা পাপৰ সমভাগী হ'ব লাগিব বিজেপি ৷

আৰু পঢ়ক সাংসদ নৱ শৰণীয়াই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে !

Intro:বাক্সাৰ তামুলপুৰত গণ সুৰক্ষা পাৰ্টিৰ জিলা সমিতি গঠন সভা ।

Body:বাক্সা জিলাৰ তামুলপুৰত গণ সুৰক্ষা পাৰ্টিৰ তামুলপুৰ জিলা সমিতি গঠন কৰা হয় । দেওবাৰে দিনৰ ১২ বজাত তামুলপুৰ বজাৰৰ দূর্গা মন্দিৰ প্ৰাঙ্গণত জিলা সমিতি গঠন সভাত উপস্থিত থাকে দলটোৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই । সভাত উপস্থিত থাকি সা‌ংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিগত লোক সভা নিৰ্বাচন পৰাজয় হোৱাৰ পাছতেই প্ৰমিলা ৰাণী ব্ৰহ্ম বাইদেউৰ মতিভ্ৰম হৈছে সেয়ে মোক তেজপুৰত যাব লাগিব বুলি কৈছে । অহা ২০২০ চনত গণ সুৰক্ষা পাৰ্টিয়ে বিটিচি পৰিষদ দখল কৰিব তাত কোনো সন্দেহ নাই আৰু গণ সুৰক্ষা পাৰ্টিয়ে বিটিচি পৰিষদ গঠন কৰাৰ পিছত ইয়াত কোনো বিপিএফ দল নাথাকিব বুলি কয় সাংসদ শৰণীয়াই । উল্লেখ্য যে সাংসদ গৰাকীয়ে আকৌ তাতপূৰ্য্য পূৰ্ণ মন্তব্য কৰি কয় যে তেতিয়াই প্ৰমিলাৰাণী ব্ৰহ্ম বাইদেউৱে নিজৰ স্বাৰ্থত গণ সুৰক্ষা পাৰ্টিত যোগদান কৰিব আৰু আজিয়ে লিখি ৰাখিবলৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

Conclusion:আনহাতে এইবাৰ ধীৰেন বড়োৰ কাণ্ডত বন্দুক থয় হাগ্ৰামা, প্ৰমিলাৰাণী ব্ৰহ্ম আৰু চন্দন ব্ৰহ্মই গুলি ফটুৱাব বুলি সদৰী কৰে আৰু তেওঁলোকৰ প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰিলেই বহু লোকৰ জেললৈ যোৱাৰ পথত পথপ্ৰসস্থ হৈ আছে বুলি সাংসদ শৰণীয়াই কয় ।

ভাষ্য : নৱ কুমাৰ শৰণীয়া (কোকৰাঝাৰ সাংসদ)

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.