ETV Bharat / state

President Election 2022: দ্ৰৌপদী মুৰ্মুক সমৰ্থন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

author img

By

Published : Jul 8, 2022, 10:37 PM IST

আগন্তুক ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত এন ডি প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক(President candidate Draupadi Murmu) সমৰ্থন জনাব সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ শুকুৰবাৰে এক সংবাদ মেল সম্বাধন কৰি এই কথা জানিবলৈ দিয়ে সাংসদগৰাকীয়ে ৷

President candidate Draupadi Murmu
দ্ৰৌপদী মুৰ্মুক সমৰ্থন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

বাক্সা, ৮ জুলাই: আগন্তুক ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত(President Election 2022) গণ সুৰক্ষা পাৰ্টী দলৰ(Gana Suraksha Party) নেতা তথা ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই দ্ৰৌপদী মুৰ্মুক(President candidate Draupadi Murmu) সমৰ্থন দিব বুলি সংবাদ মেলযোগে জানিবলৈ দিয়ে ৷

শুকুৰবাৰে বৰমাত সংবাদ মেলত শৰণীয়াই কয় যে যিহেতু উত্তৰ-পূৱৰ প্ৰাৰ্থীৰ লগতে এজন আদিবাসী লোক হিচাবে তেওঁৰ ওপৰত যথেষ্ট আস্থা আছে ৷

ইতিমধ্যে বিজেপি আৰু মিত্ৰজোঁট অগপ, ইউপিপিএল, বিপিএফ দলে দ্ৰৌপদী মুৰ্মুক সমৰ্থন জনাইছে ৷ সংবাদ মেলত তেওঁ লগতে কয় যে, আগন্তুক লোকসভা-বিধান সভা নিৰ্বাচনত কাক ক’ত কেনেধৰণে মিত্ৰতা কৰিব সেয়া সময়ত জনাব ৷

বিজেপি আৰু ইউপিপিএল দলৰ লগত মিত্ৰতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শৰণীয়াই(MP Naba Kumar Sarania) কয় যে, যিহেতু বিটিচিত অবড়োসকল সুৰক্ষিত নহয় তেনেক্ষেত্ৰত এই দলৰ লগত মিত্ৰতা কৰাৰ প্ৰশ্নই নাই ৷ পৃথক ৰাজ্যৰ দাবীত স্বহীদ হোৱা বহুলোকৰ পৰিয়ালে আৰ্থিক সাহায্য পাবলৈ এতিয়াও সক্ষম হোৱা নাই বুলিও মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷

উল্লেখ্য যে, 18 জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন (Presidential Election 2022) ৷

লগতে পঢ়ক: ৰাজ্যপালৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত উদ্ধৱ থাকৰে, ১১ জুলাইত শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.