ETV Bharat / state

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৰমাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নৱ কুমাৰ শৰণীয়াই

author img

By

Published : Mar 11, 2021, 8:34 PM IST

মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নহয় বৰঞ্চ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমাগত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈছে সাংসদ নৱ কুমাৰ শৰণীয়া ৷ বৰমা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সাংসদ গৰাকীয়ে ৷

mp naba kumar sarania all set to contest in assam poll as independent candidate
নিৰ্দলীয় প্ৰাৰ্থী হিছাপে বৰমাত প্ৰতিদ্বন্দিতা কৰিব নৱ কুমাৰ শৰণীয়াই

বাক্সা,11 মাৰ্চ: মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ 62 নং বৰমা বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপেহে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে সাংসদ শৰণীয়াই ৷ বাক্সাৰ বৰমা বিধানসভা সমষ্টিত মিত্ৰদল ইউপিপিএল আৰু বিজেপি কৰ্মীৰ মাজত হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে বিশেষভাৱে চৰ্চা লাভ কৰাৰ মাজতে বৃহস্পতিবাৰে সাংসদ শৰণীয়াই নিজৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত স্পষ্ট মতামত আগবঢ়ায় ৷

জিএছপি দলৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই এইবাৰ বৰমা বিধানসভা সমষ্টিত তেওঁ কোনো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নহয় নিৰ্দলীয় হিচাপেহে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিছে ৷ বৰমা সমষ্টিৰ পৰা সাংসদগৰাকীয়ে এক লাখ ভোট লৈ বৃহৎ জয় সাব্যস্ত কৰিব বুলি দাবী কৰাৰ লগতে তেওঁৰ প্ৰাৰ্থিত্বই মিত্ৰজোঁটত কোনো প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে ৷

বৰমা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিছাপে প্ৰতিদ্বন্দীতা কৰিব সাংসদ গৰাকীয়ে

শৰণীয়াই জানিবলৈ দিয়া মতে, ইউপিপিএল দলৰ পৰা সমষ্টিটোত এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেও বিজেপিয়ে কোনো প্ৰাৰ্থী নিদিয়ে ৷ সাংসদ গৰাকীয়ে বিটিআৰৰ অন্তৰ্গত 12 টা বিধানসভা সমষ্টি মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰি বিপিএফ শূন্য হ’ব বুলিও উল্লেখ কৰে ৷ অৱশ্যে মন্ত্ৰীত্বৰ লালসাত বিধানসভা নিৰ্বাচন খেলা নাই বুলি জানিবলৈ দি তেওঁ কয় যে, "সেয়া প্ৰেক্টিকেল কথা ৷ বিভিন্নজনে বিভিন্ন কথা ক'ব পাৰে ৷ বিগত তিনিটা কাৰ্যকালত বাক্সাৰ পৰা কোনেও মন্ত্ৰীত্ব লাভ কৰিব পৰা নাই ৷ সেয়ে ৰাইজে এইবাৰ বিচাৰিছে বাবে নিৰ্বাচন খেলিবলৈ মই নিজেই ওলাই আহিছো" ৷

লগতে পঢ়ক: পচন্দৰ প্ৰাৰ্থী বিচাৰি বৰমাত ইউপিপিএল কৰ্মীৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.