ETV Bharat / state

বদৰুদ্দিন আজমল বৃদ্ধ হৈছে, বৃদ্ধ মানুহে ভৱিষ্যতৰ কথা নাভাৱেঃ সাংসদ বিশ্বজিৎ দৈমাৰী - বিটিচি সাংসদ বিশ্বজিৎ দৈমাৰী একলব্য কেন্দ্ৰীয় বিদ্যালয় ভ্ৰমণ

ৰাজনৈতিক ক্ষমতা শক্তিশালী কৰাৰ স্বাৰ্থত বিজেপিয়ে বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰিছে যদিও নিৰ্বাচনৰ প্ৰাকক্ষণতহে বিপিএফ আৰু বিজেপিৰ মাজত হ'ব স্থিৰ সিদ্ধান্ত ৷ বিটিটিত বিজেপি শক্তিশালী হ'লে বিশেষ একো ক'ব লগা নাই ৷ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷

MP Biswajit Daimary visited at Eklavya Central School
author img

By

Published : Nov 2, 2019, 7:35 PM IST

বৰমা, 2 নৱেম্বৰঃ " বদৰুদ্দিন আজমল বৃদ্ধ হৈছে , সেয়ে ভৱিষ্যতে পৃথিৱী আৰু দেশ খনত যিয়ে যেনেকৈ মৰে মৰি থাকক বুলিয়ে তেওঁ ভাৱে ৷" বাক্সাৰ দলবাৰী একলব্য কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত থাকি এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷ কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই বদৰুদ্দিন আজমলে চৰকাৰৰ জনসংখ্যা নীতিক বিৰোধিতা কৰিছে বুলিও নেতা গৰাকীক তীব্ৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷

শনিবাৰে সাংসদ গৰাকীয়ে বিটিএডিৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয় খনৰ আভ্যন্তৰীণ দিশ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বিদ্যালয় খনত উপস্থিত হয় ৷ 2013 চনতে কেন্দ্ৰীয় চৰকাৰৰ অনুদান সাপেক্ষে স্থাপিত হোৱা বিদ্যালয় খনত উন্নয়ন শূণ্য বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে কয় যে, শিক্ষক-কৰ্মচাৰী নিযুক্তি, হোষ্টেল সমূহত পৰ্যাপ্ত খাদ্য যোগানকে ধৰি আন্তগাঁথনিৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে ৷ উল্লেখযোগ্য যে, জনজাতি প্ৰধান বিদ্যালয় হোৱাৰ বাবেই বিদ্যালয় খনৰ উন্নয়নৰ ক্ষেত্ৰত সকলোৱে অৱহেলা কৰি আহিছে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ অৱশ্যে এই ক্ষেত্ৰত বিদ্যালয় খনৰ পৰিচালনা সমিতিৰো কিছু দোষ- ক্ৰুটি থকাৰ কথা স্বীকাৰ কৰে ৷

বদৰুদ্দিন আজমল বৃদ্ধ হৈছে, বৃদ্ধ মানুহে ভৱিষ্যতৰ কথা নাভাৱেঃ সাংসদ বিশ্বজিৎ দৈমাৰী

আনহাতে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি আৰু বি পি এফৰ মাজৰ মিত্ৰতাক লৈও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ ৰাজনৈতিক ক্ষমতা শক্তিশালী কৰাৰ স্বাৰ্থত বিজেপিয়ে বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰিছে যদিও নিৰ্বাচনৰ প্ৰাকক্ষণতহে দুই দলৰ মাজত স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব ৷ লগেত বিটিচিত বিজেপি শক্তিশালী হ'লে একো ক'ব লগা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

ইয়াৰোপৰি পশ্চিমবংগ চৰকাৰে লোৱা ধপাত জাতীয় সামগ্ৰী নিষিদ্ধকৰণৰ সিদ্ধান্তৰ উদ্ধৃতি দি সাংসদ গৰাকীয়ে কয় যে, চৰকাৰে কেৱল আইন প্ৰণয়ন কৰি থাকিলেই সমস্যাৰ সমাধান নহয়, এই ক্ষেত্ৰত জনসাধাৰণৰ মাজতো সচেতনতা গঢ়ি উঠিলেহে কাৰ্যত আইনে সফল ৰূপ পাব ৷

Intro:বাক্সাৰ দলবাৰী একালব্য কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত সাংসদ বিশ্বজিৎ দৈমাৰীঃBody:বাক্সাৰ দলবাৰী একালব্য কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত সাংসদ বিশ্বজিৎ দৈমাৰীঃ ৰাজনীতিক ক্ষমতা বৃদ্বিৰ কাৰনে বি টি এ ডিত বি জে পি শক্তিশালি হব লাগিব ৷ বি পি এফ আৰু বি জে পি ৰ সিদ্ধান্ত হব বি টি চি নিৰ্বাচনৰ আগতঃ । এ আই ইউ ডি এফৰ সভাপতি আজমলৰ বিৰুদ্ধে তীব্ৰ বাক্যবানঃ জনসংখ্যা নীতিক লৈ আজমলে কৰা মন্তব্যৰ প্ৰতক্ৰীয়া সাংসদ দৈমাৰীৰঃ ধপাত জাতীয় সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰত সমাজে লব লাগিব ব্যৱস্থাঃ
বৰমা---
বি টি চি নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত বি জে পি - বি পি এফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৰাজ্য সভাৰ সাংসদ বিশ্ব জি ৎ দৈমাৰীয়ে ৷ ৰাজনৈতিক ক্ষমতা শক্তিশালী কৰাৰ স্বাৰ্থত বি জে পি য়ে বি টি চি নিৰ্বাচনত অৱতীৰ্ন হোৱাৰ কথা প্ৰকাশ কৰিছে যদিও বি টি চি নিৰ্বাচনৰ আগত হে দুই দলৰ মাজত স্থিৰ সিদ্ধান্ত হব বুলি মন্তব্য সাংসদ দৈমাৰীৰ ৷ তেও লগতে বি টি চিত বি জে পি শক্তিশালী হলে একো কব লগা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
ইফালে জনসংখ্য নীতিক লৈ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ দৈমাৰী য়ে ৷ জনসংখ্যা নিয়ন্ত্ৰনৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহন নকৰিলে জনবিষ্ফোৰন হব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ তেও এই ক্ষেত্ৰত ৰাজনীতিৰ কাৰনে আজমলে এনে মন্তব্য কৰাৰ কথা প্ৰকাশ কৰি বদৰউদ্দিন আজমল বৃদ্ব হৈছে কাৰনে তেওৰ মৃত্যুৰ পাচত পৃথিবীত যিয়ে যেনেকৈ মৰে মৰক বুলিয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এনে মন্তব্য কৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ দৈমাৰীয়ে ৷
সাংসদ গৰাকীয়ে পশ্চিমবংগ চৰকাৰে লোৱা ধপাত জাতীয় সামগ্ৰী বৰ্জনৰ সিদ্ধান্তৰ উদ্ধৃতি দি যেতিয়ালৈ জনসাধাৰন সচেতন নহয় তেতিয়ালৈকে অসমত তেনে আইনে কাৰ্যকাৰী নহয় বুলি উল্লেখ কৰে ৷
বাক্সা জিলাৰ দলবাৰী একালব্য কেন্দ্ৰীয় বিদ্যালয় খনৰ আভ্যন্তৰিন দিশ সমুহ শনিবাৰে পৰ্যবেক্ষন কৰিব আহি ২০১৩ চনতে স্থাপন হোৱা কেন্দ্ৰীয় বিদ্যালয় খনৰ উন্নয়ন জিৰ বুলি মন্তব্য প্ৰকাশ কৰে সাসদ গৰাকীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে আৰ্থিক অনুদান মঞ্জুৰী দিয়াৰ পাচতো পৰিচালনা সমিতিয়ে কোনো দায়িত্ব নোলোৱা বুলিও অভি়োগ কৰে ৷ তেওৰ মতে জনজাতি প্ৰধান বিদ্যালয় হোৱাৰ কাৰনে কোনেও দায়িত্ব নোলোৱা বুলিও অভিযোগ কৰে সাংসদ গৰাকীয়ে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বাক্সাৰ দলবাৰী একালব্য কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত সাংসদ বিশ্বজিৎ দৈমাৰীঃ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.