বাক্সা, 26 ফেব্ৰুৱাৰী: অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয়েই দুগুণ তৎপৰতাৰে ন ন কৌশলেৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে ৷ শাসনাধিষ্ঠ বিজেপিক দিশপুৰৰ পৰা উৎখাত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে অসম বঁচাও আহক শীৰ্ষক অভিযান চলাই থকাৰ পৰিৱৰ্তে শাসক দল বিজেপিয়েও পৰিয়াল সম্পৰ্ক শীৰ্ষক অভিযানৰ আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে পৰিয়াল সম্পৰ্ক অভিযানৰ অংশ হিচাপে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ৷
বৃহস্পতিবাৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সমষ্টিটোৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ অধীনত সম্পূৰ্ণ হোৱা বিভিন্ন উন্নয়ণমূলক কামৰ খতিয়ান দাঙি ধৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বাক্সা জিলা বিজেপিয়ে জিলাখনৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিত জোৰদাৰ গতিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷ সাংসদ গৰাকীয়ে জানিবলৈ দিয়া মতে জিলাখনৰ বিজেপি কৰ্মকৰ্তা সকলক লৈ ইতিমধ্যে জিলাখনত বিজেপি নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈ উঠিছে ৷ বিটিআৰত মিত্ৰজোঁটৰ পৰিষদ চলি থাকিলেও বাক্সা জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে বিজেপি দলে হাইকামাণ্ডৰ নিৰ্দেশ মতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি দৈমাৰীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: বিজেপি আৰু নৰেন্দ্ৰ মোডীক ৰাইজে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব:আব্দুল খালেক