ETV Bharat / state

চৰকাৰৰ আৰ্চেনিক মুক্ত পানীৰ আঁচনিক লৈ মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক

author img

By

Published : Nov 6, 2020, 9:47 PM IST

শুকুৰবাৰে বাক্সাৰ মুছলপুৰত বিভাগীয় বিষয়া আৰু ঠিকাদাৰসকলৰ সৈতে মত বিনিময় ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ ৷ বৰপেটা, নলবাৰী আৰু বাক্সা সংমণ্ডলৰ অন্তৰ্গত ঠাইসমূহত আৰ্চেনিক মুক্ত পানীৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ৷

minister rihan daimary meeting
মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক

বৰমা,6 নৱেম্বৰ : বাক্সা জিলাৰ মুছলপুৰস্থিত উপায়ুক্তৰ সভাকক্ষত শুকুৰবাৰে বিভাগীয় বিষয়া আৰু ঠিকাদাৰসকলৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা, নলবাৰী আৰু বাক্সা সংমণ্ডলৰ অন্তৰ্গত ঠাইসমূহত আৰ্চেনিক মুক্ত পানীৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে যি আঁচনি হাতত লৈছে, তাক ফলপ্ৰসু কৰাৰ কাৰণে এই আলোচনাত মিলিত হয় মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷

মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক

ইতিমধ্যে আৰ্চেনিক মুক্ত পানী যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰে কেইবাখনো আঁচনি ৰূপায়ন কৰিছে ৷ এই আঁচনিসমূহ আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু এইক্ষেত্ৰত ঠিকাদাৰ সকলেও সম্পূৰ্ণ সহযোগ আগবঢ়াব লাগিব মন্ত্ৰী গৰাকীয়ে বুলি জানিবলৈ দিয়ে ।

মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক

আনহাতে একাংশ ঠিকদাৰৰ অভিযোগ অনুসৰি,সৰু ঠিকাদাৰে কাম নোপোৱা বুলি সাংবাদিকে কৰা প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক দিনত আৰু বহু কাম কৰিবলৈ বাকী আছে ৷ সেই কামসমূহ ডিচেম্বৰ মাহৰ পাচত সকলো ঠিকাদাৰকে কামসমূহ দিয়া হ’ব ।

লগতে পঢ়ক : তেজেৰে লিখা প্লে'কাৰ্ড লৈ অখিল গগৈৰ মুক্তিৰ দাবী মনোজ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.