বাক্সা, ১৫ নৱেম্বৰ : শ্বহীদ সুমন স্বৰ্গীয়াৰীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ শ্বহীদ গৰাকীৰ ঘৰত কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰী গৰাকীয়ে সুমন স্বৰ্গীয়াৰীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷
মণিপুৰৰ চুড়াচান্দপুৰ জিলাত আছাম ৰাইফলছ (Assam Rifles)ৰ কনভয়ত মণিপুৰী উগ্ৰপন্থীয়ে চলোৱা ভয়াৱহ আক্ৰমণত কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী অনুজা ত্ৰিপাঠী আৰু ছবছৰীয়া পুত্ৰ অবীৰ ত্ৰিপাঠী সহ জোৱান সুমন স্বৰ্গীয়াৰী, খাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস নিহত হোৱা খবৰে সমগ্ৰ দেশবাসীক শোকাহত কৰি তুলিছে ৷ উগ্ৰপন্থীয়ে চলোৱা এই বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ ভিতৰত সুমন স্বৰ্গীয়াৰীৰ ঘৰ হৈছে বাক্সা জিলাৰ বৰমাৰ থৈকৰাকুছিত ৷
ইয়ৰা পাচতে সামৰিক মৰ্যদাৰে সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হয় শ্বহীদগৰাকীৰ ৷ জিলাখনৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত থৈকৰাকুছি কাহিবাৰী গাঁৱৰ সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিচতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত । শ্বহীদ গৰাকীৰ নশ্বৰ দেহ বৰমাৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে শোকাকুল পৰিবেশ বিৰাজ কৰে ।
লগতে পঢ়ক: Tripura violence : কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিলে দুই মহিলা সাংবাদিকক
উল্লেখ্য যে, সুমনে স্বৰ্গীয়াৰীয়ে পত্নী জুৰি স্বৰ্গীয়াৰী আৰু তিনি বছৰীয়া একমাত্ৰ পুত্ৰ বাৰদ স্বৰ্গীয়াৰী আৰু এগৰাকী ভগ্নিক পৰিয়ালত এৰি থৈ যায় ৷ অঞ্চলটোত অতি অমায়িক আৰু সহজ-সৰল স্বভাৱৰ যুৱক সুমনে কাহিবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি বৰমা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ২০১১ চনত অসম ৰাইফলছত যোগদান কৰিছিল ৷
শেষবাৰৰ বাবে যোৱা জুলাই মাহৰ ১০ তাৰিখে ঘৰলৈ ছুটীত আহি প্ৰায় ১৫ দিন পৰিয়ালৰ সৈতে থাকি পুনৰ কৰ্তব্যত যোগদান কৰিছিল ৷ তিনি বছৰীয়া পুত্ৰৰ জন্মদিনত ডিচেম্বৰৰ ৫ তাৰিখে পুনৰ ছুটীত ঘৰলৈ অহাৰ কথা আছিল ৷ লক্ষণীয়ভাৱে, সুমনৰ পিতৃ কনক স্বৰ্গীয়াৰীকো ২০০৭ চনত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল । আজি শ্বহীদ গৰাকীৰ গৃহত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত উপস্থিত থাকে ৷
লগতে পঢ়ক: S-400 missile systems to India : ভাৰতত এছ-৪০০ মিছাইল স্থাপন প্ৰক্ৰিয়া আৰম্ভ