ETV Bharat / state

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন যুৱকৰ - Men Elephent Conflict at Baksa

বাক্সাৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই গংগা চৰণ ৰয় নামৰ এজন যুৱকে ৷ পাহাৰত গৰু এৰাল দিবলৈ যাওতে এজাক বনৰীয়া হাতীয়ে আক্ৰমণ চলাই যুৱকজনৰ ওপৰত ৷

মৃত যুৱকজন
author img

By

Published : Oct 17, 2019, 10:50 PM IST

বাক্সা,17 অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ বৃহস্পতিবাৰে বাক্সাৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই গংগা চৰণ ৰয় নামৰ এজন যুৱকে ৷ পাহাৰত গৰু এৰাল দিবলৈ যাওতে হঠাতে পাহাৰৰ পৰা নামি অহা এজাক বনৰীয়া হাতীয়ে আক্ৰমণ চলাই যুৱকজনৰ ওপৰত ৷ হাতীৰ গছকত থিতাতে প্ৰাণ হেৰুৱাই গংগা ৰয় নামৰ যুৱকজনে ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে পৰিয়ালৰ লোকক ৷ সম্প্ৰতি,নাগ্ৰীজুলি আৰক্ষী চকীত ৰখা হৈছে মৃতদেহটো ৷

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন যুৱকৰ

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,বিগত বহুকেইদিনৰ অঞ্চলটোত এজাক বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে ৷ এই সন্দৰ্ভত ৰাইজে বনবিভাগক কেইবাৰো অৱগত কৰিছে যদিও এইপৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বনবিভাগৰ লোকে ৷

Intro:বাক্সাৰ বিমলা নগৰত দিন দুপৰতে বনৰীয়া হাতীৰ আক্ৰমনত নিহত এজন ।Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ বিমলা নগৰত আজি দিনৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমনত নিহত হয়  গংগা চৰণ ৰয়(২৭) নামৰ এজন যুৱক।  আজি দিনৰ ভাগত বিমলা নগৰৰ শুকলাল ৰায়ৰ পুত্ৰ গংগা চৰন ৰয়ে পাহাৰৰ কাষতে গৰু এৰাল দি  পাহাৰৰ  ওচৰতে থকা নিজৰা এটাত হাত ভৰি ধুবলৈ যায় ৷ হাত ভৰি ধুই থাকোতে হঠাৎ পাহাৰৰ পৰা নামি অহা  এটা বনৰীয়া হাতীয়ে যুৱক জনক খেদি অহাত যুৱকজনে দৌৰী পলাব খোজোতে উজুতি খায় পৰি যোৱাত হাতীয়ে যুৱক জনক গছকি দিয়াত ঠাইতে নিহত হয় যুৱকজন ৷ পিছত বিভিন্ন ঠাইত বিচাৰ নিজৰাৰ বুকুত পৰি থকা যুৱক জনৰ মৃতদেহ পৰি থকা দেখা পাই স্থানীয় লোকে লগে লগে পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ পিচত স্থানীয় লোকে নাগ্ৰিজুলী আৰক্ষী চকীৰ লগতে বনবিভাগৰ লোকক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷  ঘটনা উমান পাই নাগ্ৰীজুলি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চ'কীলৈ লৈ আনে ৷

Conclusion:স্থানীয় লোকে জানিবলৈ দিয়া মতে বিগত কিছুদিন ধৰি পাহাৰৰ দাতিত বনৰীয়া হাতীৰ বৃহৎ জাক এটাই  অৱস্থান কৰি থকাৰ লগতে দিনৰ পোহৰতে নামনি অঞ্চলত বিচৰন কৰি থকাত অঞ্চলটোৰ ৰাইজে পাহাৰৰ দাতিত গৰু-ছাগলী এৰাল দিবলৈ যাৱ নোৱাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.