বাক্সা, 28 অক্টোবৰ : বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসন বাতিল কৰাৰ দাবীত বুধবাৰে অবড়ো সুৰক্ষা সমিতিয়ে সন্ধিয়া তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে । তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত আৰু গণ সুৰক্ষা পাৰ্টী আৰু তামুলপুৰ,দৰঙ্গাজুলি আৰু কাউৰবাহা অবড়ো সুৰক্ষা সমিতিৰ সহযোগত প্ৰতিবাদকাৰী সকলে তামুলপুৰৰ বৰনগৰত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে বিটিআৰ আমি নামানো,বিটিআৰ বাতিল কৰক,ৰাজ্যপালৰ শাসন বাতিল কৰক,অসম চৰকাৰ হায় হায়,বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে,বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক ভাস্কৰ কলিতা,তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি দুলাল পাটোৱাৰী,তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মুকুট মহন্ত,অবড়ো সুৰক্ষা সমিতি,তামুলপুৰ আঞ্চলিকৰ সম্পাদক বিনয় ডেকা, কাউৰবাহা আঞ্চলিক অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক ধনজিৎ কলিতাকে ধৰি অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে ।
লগতে পঢ়ক : বিশ্বনাথত বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগসহ চোৰাং চিকাৰী আটক