ETV Bharat / state

প্ৰাপ্যৰ দাবীত বাক্সাত অংগনবাদী কৰ্মীৰ প্ৰতিবাদ - স্বাস্থ্য বিনামূলীয়া

বাক্সা জিলাৰ মুছলপুৰত অংগনবাদী কৰ্মী সহায়িকা তথা মধ্যাহ্ন ভোজনৰ ৰান্ধনী কৰ্মী সকলৰ প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰায় 3 শতাধিক লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীৰ দাবী সমূহ মানি নললে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ ৷

MASSIVE PROTEST IN BAKSA DISTRICT
প্ৰাপ্যৰ আশাত বাক্সাত অংগনবাদী কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Aug 7, 2020, 3:27 PM IST

বৰমা, 7 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানৰ তাণ্ডৱ অব্য়াহত থকাৰ মাজতে শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ অংগনবাদী কৰ্মী সহায়িকা তথা মধ্যাহ্ন ভোজনৰ ৰান্ধনী কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰাপ্যৰ আশাত বাক্সাত অংগনবাদী কৰ্মীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে বিভিন্ন ধৰণৰ দাবী সম্বলিত বেনাৰ, প্লে'কাৰ্ড হাতে হাতে লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ দাবী অনুসৰি, অংগনবাদী কৰ্মীৰ মাহিলী মজুৰি অতি কমেও 21 হাজাৰ টকা নিৰ্ধাৰণ কৰক, আঁচনি কৰ্মীক চৰকাৰী স্বীকৃতি প্ৰদান কৰক, 10 হাজাৰ টকা মাহিলী পেঞ্চন প্ৰদান কৰাৰ লগতে সকলোৰে বাবে স্বাস্থ্য বিনামূলীয়া কৰাৰ দাবী উখাপন কৰিছে ৷

আনহাতে, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সকলৰ বাবে ৰাজ্যিক বাজেটত ধাৰ্য কৰা 500 টকাৰ মাননি অতি শীঘ্ৰে আদায় দিয়াৰ লগতে স্বাস্থ্য, পৰিপুষ্টি আৰু শিক্ষাৰ দৰে বুনিয়াদী সেৱা সমূহ ব্যক্তিগত কৰণ কৰাৰ বিৰোধীতা কৰিছে প্ৰতিবাদকাৰী সকলে ৷

প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক অনতিপলমে তেওঁলোকৰ দাবীসমূহ মানি লবলৈ দাবী জনাইছে অন্যথা পৰৱৰ্তী সময়ত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : শিৱসাগৰত পুনৰ সক্ৰিয় লোহা চুৰি চক্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.