ETV Bharat / state

Joining meeting of UPPL: 700 লোকে যোগদান কৰিলে UPPL ত

author img

By

Published : Oct 16, 2022, 10:15 PM IST

দেওবাৰে বাক্সাৰ শালবাৰীৰ চূনবাৰী ভিচিডিচিৰ অন্তৰ্গত এলেংবাৰীত UPPL দলৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় (Huge joining meeting of UPPL party)। এই যোগদান কাৰ্যসূচীত ইউ পি পি এল দলত যোগদান কৰে প্ৰায় 700 লোকে ৷

Many people joined UPPL party in Baksa
700 লোকে যোগদান কৰে UPPL দলত

বৰপেটাৰোড, 16 অক্টোবৰ: দেওবাৰে বাক্সাৰ শালবাৰীৰ চূনবাৰী ভিচিডিচিৰ অন্তৰ্গত এলেংবাৰীত UPPL দলৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় (Huge joining meeting of UPPL party)। এই যোগদান কাৰ্যসূচীত ইউ পি পি এল দলত যোগদান কৰে প্ৰায় 700 লোকে ৷

700 লোকে যোগদান কৰে UPPL দলত

উল্লেখ্য যে প্ৰায় দুহেজাৰ লোকে যোগদান কৰাৰ কথা আছিল যদিও যোগদান কৰিবলগীয়া সভাত সময়মতে আহি উপস্থিত নোহোৱাত 700 লোকে যোগদান কৰে বুলি জানিবলৈ দিয়ে বিটিচিৰ কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে । স্মৰ্তব্য যে ইউ পি পি এল দলে চৰকাৰ গঠন কৰাৰ পাছত বিগত দিনসমূহত বি টি আৰ অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক সম-অধিকাৰ আৰু সম-মৰ্যাদা প্ৰদান কৰাত ইউ পি পি এল দলৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰাৰ কথাও জানিবলৈ দিয়ে কাৰ্যবাহী সদস্য গৰাকীয়ে (EM Govinda basumatary) ৷

ইয়াৰোপৰি বিগত দিনসমূহত বাট-পথকে ধৰি বিভিন্ন দিশত ইউ পি পি এল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বি টি আৰ অঞ্চলত বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰাৰ লগতে শান্তিৰ বাতাবৰণ সৃষ্টি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত মিলাপ্ৰীতিৰ সদভাৱ গঢ়ি তোলা বুলি দাবী কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

লগতে তেওঁ কয় যে একাংশ সমাজ বিৰোধী লোকে সেই কাম-কাজৰ সমালোচনা কৰি বিৰোধিতা কৰি আহিছে ৷ আইন অমান্য কৰি আহিছে । তেনে সমাজ বিৰোধী লোকৰ পৰা ৰাইজক বিৰত থাকিবলৈও আহ্বান জনায় ৷ বিগত নিৰ্বাচনত আশা কৰা ধৰণে সংখ্যালঘুৰ ভোট লাভ নকৰা ইউ পি পি এল দলে অনাগত নিৰ্বাচনসমূহত সংখ্যালঘুৰ ভোট যথেষ্টখিনি লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে দলটোৰ নেতৃত্বই । বি টি আৰ অঞ্চলৰ খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যবস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে ৷

আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, MCLA মন্টু বড়ো, শালবাৰী টি চি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী ।

লগতে পঢ়ক: DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.