ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Oct 4, 2019, 3:55 PM IST

আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ চলিত বৰ্ষৰ 15 জুনৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ আছিল ৰাষ্ট্ৰীয় উদ্যানখন ।

পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাক্সা, 4 অক্টোবৰঃ শুকুৰবাৰৰ পৰা দৰ্শনাৰ্থী তথা পৰ্যটকৰ বাবে আনুষ্ঠিক ভাৱে মুকলি কৰা হয় বাক্সা জিলাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰখনৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশ দ্বাৰ ৷ বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে পুৱা 9 বজাত মুকলি কৰে বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশ দ্বাৰ ।

মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

ইতিমধ্যে উদ্যানখনত অনুষ্ঠিত হৈ আছে 65 সংখ্যক বন্যপ্ৰাণী সপ্তাহ ৷ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ চলিবলগীয়া 65 সংখ্যক বন্যপ্ৰাণী সপ্তাহটোৰ আজি চতুৰ্থটো দিন ।

যোৱা 2018-19 বিত্তীয় বৰ্ষত উদ্যানখনত দেশ-বিদেশৰ পৰা আহিছিল মুঠ 42988 গৰাকী পৰ্যটক ৷ ইয়াৰে 42,329 গৰাকী দেশীয় আৰু 659 গৰাকী আছিল বিদেশী পৰ্যটক । যাৰ পৰা উদ্যান খনে লাভ কৰিছিল মুঠ 1,06,63,500 টকাৰ ৰাজহ । ইয়াৰে ভিতৰত দেশৰ পৰ্যটকৰ পৰা 93,58,497 টকা, বিদেশী পৰ্যটকৰ পৰা 6, 24,428 টকা লাভ কৰিছিল আৰু চুবুৰীয়া ভূটানৰ যান-বাহনৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰিছিল 6,80,575 টকা ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত দেশী-বিদেশী পৰ্যটকে হাতী আৰু জীপ চাফাৰীৰে উদ্যানখন পৰিভ্ৰমণ কৰিবলৈ পাৰিব । আনহাতে খাম্ফা বৰগয়াৰীয়ে কয়,

‘‘মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে কোনো ধৰণৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰয়োজন আছে বুলি মই এতিয়ালৈ অনুভৱ কৰা নাই । উদ্যানখনৰ ব্ৰেণ্ড এম্বেছাডৰ হৈছে ইয়াৰে স্থানীয়া জনসাধাৰণ ’’

হাতী চাফাৰী
হাতী চাফাৰী

ৰাষ্ট্ৰীয় উদ্যানখন মুকলি অনুষ্ঠানত উপস্থিত থাকে বাক্সাৰ উপায়ুক্ত ভাস্কৰ পেগু, বিটিচিৰ ই এম অনচুমৈ খংগুৰ বসুমতাৰী, ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক অমল শৰ্মাৰ লগতে স্থানীয় লোকসকল ৷

Intro:আজি বিশ্ব অতিয্য ক্ষেত্ৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি ।

Body:আজি বাক্সা জিলাৰ বিশ্ব অতিয্য ক্ষেত্ৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰখনৰ বাহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশ দ্বাৰখন দৰ্শনাৰ্থী তথা পৰ্যটকৰ বাবে অনুষ্ঠিক ভাৱে মুকলি । ৰাষ্ট্ৰীয় উদ্যান খন মুকলি কৰে বিটিচিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে । ইতিমধ্যে উদ্যান খনত ৬৫সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ আজি চতুৰ্থ দিন । ২০১৮-১৯ বিত্তীয় বৰ্ষত উদ্যান খন ৪২,৩২৯ গৰাকী দেশীয় পৰ্যটক আৰু ৬৫৯ গৰাকী বিদেশী পৰ্যটক আহিছিল । যৰ পৰা উদ্যান খনে ১,০৬,৬৩,৫০০ টকা সৰ্বমুঠ ৰাজহ সংগ্ৰহ কৰিছিল । ইয়াৰে ভিতৰত ৯৩,৫৮,৪৯৭টকা, বিদেশী পৰ্যটকৰ পৰা ৬,২৪,৪২৮টকা আৰু চুবুৰীয়া ভূটানৰ যান বাহনৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰিছিল৬,৮০,৫৭৫ টকা।

Conclusion:উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যান খনত দেশী বিদেশী পৰ্যটকে হাতী আৰু জীপ চাফাৰীৰে উদ্যান খন পৰিভ্ৰমণ কৰিব পাৰিব । আনহাতে খাম্ফা বৰগয়াৰীয়ে কয় যে মানাহ ৰাষ্ট্ৰীয় উদ্যান খনৰ বাবে কোনো ধৰণৰ ব্ৰাণ্ড এম্বাছাৰ নালাগে । উদ্যান খনৰ ব্ৰাণ্ড এম্বাছাৰ ইয়াৰ জনসাধাৰণে বুলি মন্তব্য কৰে ।ৰাষ্ট্ৰীয় উদ্যানখন মুকলি অনুষ্ঠানত উপস্থিত থাকে বাক্সাৰ উপায়ুক্ত ভাষ্কৰ পেগু,বিটিচিৰ ই এম অনচুমৈ খংগুৰ বসুমতাৰী, ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালক অমল শৰ্মাৰ লগতে স্থানীয় লোকসকলে উপস্থিত থাকে

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.