ETV Bharat / state

বাক্সাত হাতীৰ গচকত নিহত এজন

author img

By

Published : Aug 2, 2020, 12:30 PM IST

বাক্সা জিলাৰ তামুলপুৰত দেওবাৰে পুৱা হাতী-মানুহৰ সংঘাতত প্ৰাণ গ'ল এগৰাকী স্থানীয় লোকৰ ৷ উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

হাতী-মানুহৰ সংঘাতত প্ৰাণ গ'ল এজনৰ
হাতী-মানুহৰ সংঘাতত প্ৰাণ গ'ল এজনৰ

বাক্সা, 2 আগষ্ট: বাক্সা জিলাৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ দেওবাৰে পুৱা পুনৰ জিলাখনৰ তামুলপুৰত হাতী-মানুহৰ সংঘাতত প্ৰাণ গ'ল এগৰাকী লোকৰ ৷ কুমাৰীকাটা বনাঞ্চলিক কার্যালয়ৰ অধীনস্থ ১ নং ডোঙাৰগাঁৱৰ ৰামপুৰত, পুৱতি নিশা পাহাৰৰ পৰা নামি অহা এটা হাতীয়ে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰে ৷

নৈৰ পাৰত গৰু এৰাল দিবলৈ যোৱাৰ সময়তে বন্য হস্তীটোৰ সৈতে মুখামুখি হয় মংগল কিস্কু নামৰ লোক গৰাকী ৷ হাতীটোৰ গচকত থিতাতে প্ৰাণ গ'ল লোক জনৰ ৷ দেওবাৰে পুৱা প্ৰায় 8:30 বজাত সংঘটিত হয় এই ঘটনা ৷ গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷

লগতে পঢ়ক: গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণ মৰাণৰ এগৰাকী শিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.