ETV Bharat / state

Madahi Kachari Community: পূৰ্বৰ কোনো এখন চৰকাৰে মদাহি জনগোষ্ঠীৰ উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ

বাক্সাৰ মুছলপৰত সদৌ মদাহি কছাৰী সন্মিলনীৰ সংবাদমেল । মদাহি সম্প্ৰদায়ক কছাৰী জনজাতিত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ মদাহি জনগোষ্ঠীৰ ।

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:03 PM IST

Press Meet of Madahi Kachari Sammelan
মদাহি কছাৰী সন্মিলনীৰ সংবাদমেল
মদাহি কছাৰী সন্মিলনীৰ সংবাদমেল

বাক্সা, ৬ জানুৱাৰী: নৱবৰ্ষৰ পহিলা জানুৱাৰীত ৰাজ্য় চৰকাৰে অসমৰ ভূমিপুত্ৰ মদাহি সম্প্ৰদায়ৰ প্ৰতি কৰা এক ঐতিহাসিক ঘোষণাই সম্প্ৰদায়টোৰ দীৰ্ঘদিনীয়া আশা আকাংক্ষা পুৰণ কৰা বুলি মন্তব্য কৰিছে মদাহি সম্প্ৰদায়ৰ নেতৃত্বই । আজি বাক্সা জিলাৰ মুছলপৰত মদাহি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক সংবাদমেলত মদাহি সম্প্ৰদায়ক কছাৰী জনজাতি হিচাপে মৰ্যাদা দিয়া বাবে অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তক আদৰণি জনায় । লগতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মদাহি জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে ।

মদাহি জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ নেতাসকলে কয় যে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে বিগত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অসমৰ প্ৰাচীন আৰু পিছপৰা কছাৰীমূলীয় মদাহি সম্প্ৰদায়ক কছাৰী জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰেৰণ বাবে লোৱা সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰে মদাহি কছাৰী যৌথ মঞ্চই । সংবাদমেলত সদৌ মদাহি কছাৰী সন্মিলনীৰ সভাপতি প্ৰাণেশ্বৰ মদাহিয়ে কয় যে পূৰ্বতে মদাহি উন্নয়ণ পৰিষদ গঠন কৰা হৈছিল যদিও তদানীন্তন অধ্যক্ষ গৰাকীৰ নিষ্ক্ৰিয়তাৰ বাবে বিশেষ কামত অগ্ৰগতি হোৱা নাছিল । কিন্তু বৰ্তমানৰ মদাহি উন্নয়ণ পৰিষদৰ অধ্যক্ষ দণ্ডী মদাহিয়ে জনগোষ্ঠীটোৰ উন্নতিৰ বাবে সকলো কাম কৰাৰ ফলতেই আজি মদাহি জনগোষ্ঠীটোৱে কছাৰী জনজাতিৰ মৰ্যাদা পাবলৈ সক্ষম হৈছে ।

তেওঁলোকে কয় যে বৰ্তমানৰ অধ্যক্ষ গৰাকীৰ নেতৃত্বত জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ লগতে ভৱিষ্যতে ৰাস্তা-ঘাট,দলং,মন্দিৰ আদি নিৰ্মাণৰ বাবে বাজেটত ধৰা হ'ব । পূৰ্বে অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ বিভাগে বিভিন্ন সময়ত মদাহি সম্প্ৰদায়ক বড়ো কছাৰী নাইবা ৰাভা জনগোষ্ঠীৰ উপ জাতি হিচাপে প্ৰমাণপত্ৰ দিয়াৰ বাবে নিৰ্দেশ দিছিল । সেইমতে জনজাতিৰ প্ৰমাণপত্ৰ পাই আহিছিল যদিও কছাৰীমূলীয় হোৱা বাবে স্বতন্ত্ৰভাৱে জনজাতিৰ মৰ্যাদা দিয়াৰ বাবেহে সংগ্ৰাম কৰা হৈছিল বুলিও তেওঁলোকে কয় । পূৰ্বৰ চৰকাৰে মদাহি জনগোষ্ঠীক কোনো মৰ্যদা দিয়া নাছিল, বৰ্তমানৰ চৰকাৰে সবকা চাথ সবকা বিকাশ নীতিৰে পিছপৰা কছাৰীমূলীয় মদাহি জনগোষ্ঠীক আগবঢ়াই নিয়াৰ বাবে কছাৰী জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু পৰিষদৰ অধ্যক্ষ দণ্ডী মদাহিক ধন্যবাদ জ্ঞাপন কৰিছো । মদাহি জনগোষ্ঠীক ৰাভা জনগোষ্ঠীৰ এটা ঠাল হিচাপে কোৱা হৈছিল যদিও মদাহি জনগোষ্ঠীটোক এনআৰচি,লোক পিয়লকে ধৰি বিভিন্ন নথি-পত্ৰত কছাৰীমূলীয় বুলি উল্লেখ আছে বুলি মন্তব্য কৰে ।

সংবাদমেলত মদাহি জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক নিৰঞ্জন মদাহিয়ে ১১৬৪ তে মদাহি জনগোষ্ঠীটো বিভিন্ন লিখকৰ লিখনিৰ পৰা প্ৰাচীন কছাৰীমূলীয় বুলি উল্লেখ থকাৰ কথা সদৰি কৰে । সংবাদমেলত মদাহি উন্নয়ণ পৰিষদৰ কাৰ্যকৰী সদস্য বিজয় দাস, মনিকা মদাহি, মন্টু মদাহি, গুনিন দাস মদাহি, সদৌ মদাহি কছাৰী সন্মিলনীৰ সহকাৰী সম্পাদক কমল মেধি, মদাহি সাহিত্য পৰিষদ, সদৌ বৰমানী পূজা কমিটীৰ উপ সভাপতি মনোৰঞ্জন দাস, সহকাৰী সম্পাদক শংকৰ দাস, নমল সিং মদাহি, সাংগঠনিক সম্পাদক বিজু ফুকন মদাহি, সদৌ মদাহি কছাৰী মহিলা পৰিষদৰ উপ সভানেত্ৰী সব্যা চৌধুৰী, সহকাৰী সম্পাদিকা নিৰ্মালি মদাহি উপস্থিত থাকে ।

লগতে পঢ়ক:চেমখৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকক অপহৰণ : আৰক্ষীৰ বিৰুদ্ধে উঠিছে অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.