ETV Bharat / state

ভুৱা পৰিচয়েৰে প্ৰেমঃ ভণ্ড প্ৰেমিক তালিবুৰ ৰহমানক গ্ৰেপ্তাৰ - বৰবাৰী

তালিবুৰ ৰহমান নামৰ বিবাহিত লোক এজনে ৰমেশ বৰা বুলি ভুৱা পৰিচয় দি বাক্সাৰ বৰবৰীত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । বিগত 26 ফেব্ৰুৱাৰীত ভণ্ড প্ৰেমিকজনে ঘৰত কোনো নোহোৱাৰ সুযোগ লৈ পদূলি মুখৰ পৰাই অপহৰণ কৰে ছাত্ৰীগৰাকীক ।

বাক্সাত বিশ্বাসেই কাল হ'ল এগৰাকী যুৱতীৰ
author img

By

Published : Jun 8, 2019, 1:38 PM IST

বাক্সা, ৮ জুনঃ নাম তালিবুৰ ৰহমান, কিন্তু পৰিচয় দিয়ে ৰমেশ বৰা বুলি ৷ ইতিমধ্যে বিবাহিত লোকজনে নিজকে অবিবাহিত বুলি কৈ ৰচে প্ৰেমৰ নাটক ৷ প্ৰেমৰ অভিনয় কৰা তালিবুৰ ৰহমানৰ ছলনাত ভোল গৈ প্ৰতাৰণাৰ বলি হ'বলগীয়া হ'ল বাক্সাৰ এগৰাকী কিশোৰী ৷ জানিব পৰামতে তালিবুৰ ৰহমান নামৰ বিবাহিত লোক এজনে ৰমেশ বৰা বুলি ভুৱা পৰিচয় দি বাক্সাৰ বৰবৰীত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । বিগত 26 ফেব্ৰুৱাৰীত ভণ্ড প্ৰেমিকজনে ঘৰত কোনো নোহোৱাৰ সুযোগ লৈ পদূলি মুখৰ পৰাই অপহৰণ কৰে ছাত্ৰীগৰাকীক ।

বাক্সাত বিশ্বাসেই কাল হ'ল এগৰাকী যুৱতীৰ

এই ঘটনা সন্দৰ্ভত বৰবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালে। প্ৰায় ৩ মাহৰ অন্তত কালি বাক্সা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলং আৰক্ষীৰ সহযোগত অপহৃত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে ভুৱা প্ৰেমিক তালিবুৰ ৰহমানক । আৰক্ষীয়ে জনোৱা অনুসৰি তালিবুৰৰ ঘৰ ডবকাত ৷ সম্প্ৰতি ৰঙাঘৰৰ আলহী ৰমেশ বৰাৰ নাম লৈ কিশোৰী অপহৰণত জড়িত তালিবুৰ ৰহমান ৷

লগতে আন এটা বাতৰি- দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী

Intro:প্ৰেম অন্ধ । সহস্ৰ জনে এই কথা মানি লয়। এই অন্ধ প্ৰেমে কাৰোবাৰ যদি জীবন গঢ়ে আকৌ কাৰোবাৰ জীৱনলৈ অন্ধকাৰ নমাই আনে । তেনে এক ঘটনা সংঘটিত হৈছে বাক্সাৰ বৰবৰীত ৷ Body:যোৱা ফেব্ৰুৱাৰী মাহত তালিবুৰ ৰহমান নামৰ লোক এজনে ৰমেশ বৰা বুলি ভূৱা পৰিচয় দি প্ৰেমৰ জালত পেলায় এগৰাকী নৱম শ্ৰেনীৰ ছাত্ৰীক। ভূৱা প্ৰেমিক জনৰ কথাৰ চলনাত মোহ যায় কিশোৰী গৰাকী । যোৱা ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে ঘৰত কোনো নোহোৱা সুযোগ লৈ ছোৱালী জনীৰ পদুলিৰ সন্মুখৰ পৰাই অপহৰন কৰে ছোৱালী জনীক। এই ঘটনা সন্দৰ্ভত বৰবৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। সম্পুৰ্ণ ৩ মাহ পিছত কালি বাক্সা আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি কাৰ্বি আংলং আৰক্ষীৰ সহযোগত অপহৃত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ভুৱা প্ৰেমিক তালিবুৰ ৰহমানক । ছোৱালী জনীৰ পৰিয়ালৰ অভিযোগ অনুসৰি গৰ্ভবতী হৈছে ছোৱালী জনী । উল্লেখ যোগ্য যে ইয়াৰ পুৰ্বেও এবাৰ বিবাহপাশত আবদ্ধ হৈছিল নগাঁওৰ হাইলাকান্দিৰ এই ধৃত লোকজন।Conclusion:সম্প্ৰতি এতিয়া ৰঙাঘৰৰ আলহী ধৃত তালিবুৰ ৰহমান।
বাইট,,, আৰক্ষী,,,, স্থানীয় মহিলা ৷
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.