বাক্সা,7 এপ্ৰিলঃ 21 দিনীয়া লক ডাউনৰ ইতিমধ্যে 13 দিন অতিক্ৰম হৈছে ৷ কিন্তু এতিয়াও সচেতন হোৱা নাই ৰাজ্যৰ একাংশ লোক ৷ ভিন্ন প্ৰান্তত লক ডাউন অমান্য কৰি জন সাধাৰণক অনাই-বনাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে । বাক্সাৰ গোৰেশ্বৰতো বহু লোকে লক ডাউন অমান্য কৰা দেখা যায় ৷ ফলত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে গোৰেশ্বৰ আৰক্ষী ৷ জন সাধাৰণ সচেতন নহ’লে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে অঞ্চলটোত ৷
লগতে চাওকঃ ৰাজ্যত 27 জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা