ETV Bharat / state

ভৰা বেঁকীৰ বুকুত জীয়াই থকাৰ সংগ্ৰাম - বেঁকী নদী

নিজৰ জীৱনকো তুচ্চ কৰি ভৰা বেঁকীৰ বুকুত জীৱন সংগ্ৰাম চলাই আহিছে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বাঁহবাৰী, নাৰায়ণগুৰি আদি ঠাইৰ লোকসকল ৷ বছৰৰ পাচত বছৰ ধৰি নৈখনেৰে ভাহি অহা কাঠ বিক্ৰী কৰি পোৱা পইচা কেইটাৰে চলাই আহিছে তেওঁলোকৰ পৰিয়াল ৷

As_baksa_life_struggle_vis1_to_vis7_as10029
ভৰা বেকীৰ বুকুত মৰণ পণ জাঁপ
author img

By

Published : May 30, 2021, 5:28 PM IST

Updated : May 30, 2021, 10:38 PM IST

বাক্সা, 30 মে': বাৰিষাৰ লগে লগে ফেনে ফুটুকাৰে বাঢ়ি আহিছে বেঁকী নদী ৷ কিন্তু নৈ খনৰ বুকুতে একাংশ লোকে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম ৷ এমুঠি খাদ্য, এডোখৰ বস্ত্ৰ আৰু অকণমান থকা ঠাইৰ বাবে মানুহে জীৱনত নকৰে কি ? নৈখনৰ কোবাল সোঁতত মৰণত শৰণ দি জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাঁহবাৰী, নাৰায়ণগুৰি আদি ঠাইৰ লোকসকলে ৷ বছৰৰ পাচত বছৰ ধৰি নৈখনেৰে ভাহি অহা কাঠ বিক্ৰী কৰি পোৱা পইচা কেইটাৰে চলাই আহিছে তেওঁলোকৰ পৰিয়াল ৷

ভৰা বেঁকীৰ বুকুত জীয়াই থকাৰ সংগ্ৰাম

নিজৰ জীৱনকো তুচ্চ কৰি ভৰা বেকীৰ বুকুত জীৱন সংগ্ৰাম চলাই আহিছে এইসকল লোকে ৷ বাৰিষা নৈখন পানীৰে উপচি পৰাৰ লগে লগে অঞ্চলটোৰ ডেকা, বুঢ়াৰ পৰা শিশুলৈ সকলোৱে ব্যস্ত হৈ পৰে কাঠ সংগ্ৰহত ৷ কাৰণ এটাই, এই সময়ত তেওঁলোকৰ হাতত ধন উপাৰ্জনৰ বাবে নাই কোনো কাম ৷

মাথো নৈৰ বুকুৰ কাঠ ধৰি, সেই কাঠৰ পৰা খৰি ফালি বিক্ৰী কৰি পূৰণ কৰিছে জীৱনৰ সাম্যক অভাৱ ৷ বিগত বছৰৰ পৰা আৰু অধিক জটিল হৈ পৰিছে এইসকল দুৰ্ভগীয়াৰ জীৱন সংগ্ৰাম ৷ কাৰণ লকডাউনে জুৰুলা কৰিছে তেওঁলোকৰ ব্যৱসায় ৷ সম্প্ৰতি ৰাজ্যৰ হাট-বজাৰ সকলো বন্ধ হৈ পৰাত অধিক অসুবিধাৰ সম্মুখীন হৈছে অঞ্চলটোৰ লোকসকল ৷

উল্লেখ্য যে, আজিলৈকে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে এই বৃহত্তৰ অঞ্চলটোৰ এই দুৰ্ভোগীয়া লোকসকলক ৷ তথাপিও কোনো আক্ষেপ নোহোৱাকৈ এনেদৰেই বছৰৰ পাচত বছৰ ধৰি চলাই গৈছে জীৱন সংগ্ৰাম ৷ নৈখনৰ পাৰত কিছু অপেক্ষা আৰু পিচ মূহুৰ্ততে এটা দীঘল জাপ ৷ উদ্দেশ্য নৈৰ বুকুৰ কাঠ সংগ্ৰহ কৰা ৷

লগতে পঢ়ক: কৰ’ণাক জয়ৰে বাতৰিৰ শিৰোনাম দখল কৰা দুগৰাকী ককা-আইতা

Last Updated : May 30, 2021, 10:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.