ETV Bharat / state

Lat Mandal Arrested: উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বৰমাৰ লাট মণ্ডল - দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া

এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল অনুপ বড়ো ৷ মাটিৰ নামজাৰিৰ নামত এজন যুৱকৰ পৰা 1500 টকাৰ উৎকোচ লৈছিল অনুপ বড়োৱে ৷ উৎকোচ লোৱাৰ সময়েতে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে অনুপ বড়োক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷

Etv BharatBribe Taking
উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল অনুপ বড়ো
author img

By

Published : Dec 8, 2022, 6:30 PM IST

বাক্সা, 8 ডিচেম্বৰ: দুৰ্নীতিগ্ৰস্ত চৰকাৰী-বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ স্থিতি ৷ কিন্তু ইয়াৰ পিছতো যেন গা লৰা নাই একাংশৰ ৷ এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল অনুপ বড়ো(Lat mandal arrested for taking bribe) ৷ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল আছিল অনুপ বড়ো(Barama circle office) ৷

উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল অনুপ বড়ো

উল্লেখ্য যে পিতৃৰ পৰা পুত্ৰৰ নামত মাটিৰ নামজাৰিৰ বাবে লাট মণ্ডল অনুপ বড়োৰ কাষ চাপিছিল খাৰুৱাজান গাঁৱৰ যুৱক উৎপল বৰ্মন । কিন্তু ইয়াৰ বিনিময়ত অনুপ বড়োৱে বিচাৰিছিল ২৫০০ টকাৰ উৎকোচ ৷ পৰৱৰ্তী পৰ্যায়ত কাম কৰি দিয়াৰ বাবদ 1500টকাত মান্তি হৈছিল অনুপ বড়ো(Lat mandal Anup Bodo) ৷ বৃহস্পতিবাৰে লাট মণ্ডল অনুপ বড়োৱে কাৰ্যালয়ত উৎপল বৰ্মনৰ পৰা 1500 টকা লোৱাৰ সময়তে হাতে-লোটে গ্ৰপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই(Anti corruption team) ৷

উল্লেখ্য যে বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনৰে পৰা দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘোচ নিদিলে ৰাইজৰ কোনো কামেই নকৰে কাৰ্যলয়টোৰ বিষয়াই ৷ একাংশ মহৰিৰ জড়িয়তে লাট মণ্ডলে সংঘটিত কৰি আহিছে দুৰ্নীতি ৷ কাৰ্যালয়টোৰ ভিতৰতে নিৰ্বিঘ্নে ৰাইজৰ পৰা লৈ আহিছে উৎকোচ ৷

কিন্তু আজি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে লাট মণ্ডল অনুপ বড়ো ৷ উল্লেখ্য যে কেইমাহমান পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল চৰকাৰী কাৰ্যালয়ত বাহৰ পাতি থকা শতাধিক দালালক ৷

কিন্তু ইয়াৰ পিছতে বহু চৰকাৰী কাৰ্যালয়ত অন্ত পৰা নাই দালালৰাজ ৷ বাক্সাৰ এই ঘটনাই যেন পুনৰবাৰ তাকেই প্ৰমাণ কৰিলে ৷ ইফালে, ঘোচখোৰ দালাল অনুপ বড়োক গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিবাৰক শাখাই অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: Assam animal to Ambani Zoo : অসমৰ বন্যপ্ৰাণী নিয়াক লৈ তীব্ৰ প্ৰতিবাদ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.