বাক্সা,4 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বাক্সাৰ নিকাচিত দেওবাৰে জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ দণ্ডাধীশ মনোজ দলেৰ নেতৃত্বত ফ্লায়িং স্কোৱাড আৰু নিকাচি আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হয় 19 কাৰ্টন বিলাতী সুৰা ৷ AS-0-BE-3800 নম্বৰৰ মহিন্দ্ৰা XUV বাহনখনৰ পৰা নিকাচিৰ ৰাজপথত উদ্ধাৰ হয় অবৈধ সুৰাখিনি ৷
ইফালে, আৰক্ষীৰ তালাচী চলি থকা দেখি গাড়ী এৰি পলায়ন কৰে দুই সুৰা সৰবৰাহকাৰীয়ে ৷ আৰক্ষীয়ে কোনো ৰাজনৈতিক দলে ভোটাৰৰ মাজত বিলোৱাৰ উদ্দেশ্যে সুৰাখিনি এইদৰে অনা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: চুৰিৰ সন্দেহত আৱদ্ধ ই-ৰিক্সা চালক