বাক্সা, 7 নবেম্বৰ : গুৱাহাটীৰ এজন ব্যৱসায়ী যুৱকক কৌশলেৰে তামুলপুৰলৈ মাতি অপহৰণ কৰি ধন দাবী কৰা তিনিগৰাকী যুৱক ৰঙা ঘৰৰ আলহী হ’ব লগা হোৱা ঘটনাই সমগ্ৰ তামুলপুৰ মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে । তামুলপুৰ আৰক্ষী সূত্ৰই প্ৰকাস কৰা মতে, নলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপাৰকুছিৰ অমিত শৰ্মা নামৰ যুৱক এজনে গুৱাহাটীৰ ব্যৱসায়ী দিগন্ত বুজৰবৰুৱাক তামুলপুৰ বজাৰত চিচি কেমেৰা লগাব লাগে বুলি মাতি আনে । তামুলপুৰ আহি পোৱাৰ পিচত অমিতে আন কেইজনমান যুৱকৰ লগত লগ লাগি কৌশলেৰে দিগন্তক তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহকাটা-বালাবাৰীৰ ওচৰত পাগলাদিয়া নদীৰ পাৰত জনশূন্য মথাউৰিলৈ লৈ যায় আৰু ১০ লাখ টকা বিচাৰি মৃত্যুৰ ভাবুকি দিয়ে ।
পিছত যুৱক কেইজনে নেট বেংকিংৰ জৰিয়তে দিগন্তৰ বেংক একাউন্টত থকা ২২০০০ হাজাৰ টকা অমিত শৰ্মাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি নিয়ে আৰু কেইখনমান উকা দলিলত দিগন্তৰ চহী কৰাই লয় আৰু মুকলি কৰি দিয়ে । যোৱা ৫ নৱেম্বৰত দিগন্ত বুজৰবাৰুৱাই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । দিগন্তৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰা আৰু দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শুকুৰবাৰে নিশা নলবাৰীৰ জাপাৰকুছিত উপস্থিত হৈ অমিত শৰ্মাৰ ঘৰত তালাচী চলায় ৷ অৱশ্যে অমিতক কৰায়ত্ত কৰাত বিফল হয় আৰক্ষী ।
নিশাই আৰক্ষীয়ে নলবাৰী চহৰৰ পৰা ভগবান দাসক বিচাৰি অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় । পিছত আৰক্ষীয়ে তদন্তৰ জৰিয়তে তামুলপুৰৰ বৰখোপাৰ পৰা নয়ন ডেকা আৰু মাদাৰবাৰী গাঁৱৰ পৰা ৰাজনী বড়োক আটক কৰে । আৰক্ষীয়ে ঘটনাত ব্যৱহৃত এ এছ ১৪ এইচ ৯২৯৯ নম্বৰৰ এখন গ্ৰেণ্ড আই ১০ আৰু এ এছ ০১ এ কিউ ৩৫২০ মটৰ চাইকেল জব্দ কৰে । শনিবাৰে নয়ন ডেকা, ভগবান দাস আৰু ৰাজনী বড়োক বাক্সা জিলা সদৰ মুছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনে ।
পলাতক অৱস্থাত থকা অমিত শৰ্মা আৰু মণ্টু দাসক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত যুৱক কেইজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থামাত ৫৬৬/২০ গোচৰ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪২০/৩৬৫/৩৮৭/ ৩৯৫/৪৬৮ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে নেকি অৰুণোদয় আঁচনি !