ETV Bharat / state

হাতৰ যাদুৰে স্বাৱলম্বী হৈছে বৰমাৰ কমল দেউৰীয়ে - হাতৰ যাদুৰে স্বাৱলম্বি

নিজৰ হাতৰ যাদুৰে স্বাৱলম্বী হোৱাৰ লগতে জগত জিনাৰ সপোন দেখা বৰমাৰ এগৰাকী উদীয়মান ভাস্কৰ্যশিল্পী ৷ অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কমল দেউৰীয়ে ৷

হাতৰ যাদুৰে স্বাৱলম্বি হৈছে বৰমাৰ কমল দেউৰীয়ে

author img

By

Published : Jan 10, 2021, 8:34 PM IST

বাক্সা, ১০ জানুৱাৰী : বাক্সা জিলাৰ বৰমাৰ এগৰাকী উদীয়মান ভাস্কৰ্যশিল্পী, নাম কমল দেউৰী ৷ তেওঁৰ হাতত প্ৰাণ পাই উঠিছে বৰমা অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিমূৰ্তি ৷ নিজৰ হাতৰ যাদুৰে স্বাৱলম্বী হোৱাৰ লগতে জগত জিনাৰ সপোন দেখিছে উদীয়মান ভাস্কৰ্যশিল্পী গৰাকীয়ে ৷ কোকৰাঝাৰ ফাইন আৰ্টচ এণ্ড মিউজিক কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি দেউৰীয়ে উত্তৰ প্ৰদেশৰ বেনাৰস কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্টচত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ দীৰ্ঘদিনৰে পৰা অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ভাস্কৰ্যশিল্পী গৰাকীয়ে ৷

হাতৰ যাদুৰে স্বাৱলম্বি হৈছে বৰমাৰ কমল দেউৰীয়ে

উল্লেখ্য যে, সম্প্ৰতি বৰমাত ৰেইনব’ নামৰ এখন আৰ্টৰ স্কুল স্থাপন কৰি ভাস্কৰ্য শিল্পৰ লগতে পেইন্টিং আৰু চিত্ৰ শিক্ষা প্ৰদান কৰি আহিছে কমল দেউৰীয়ে ৷ সুদক্ষ শিল্পী গৰাকীৰ মতে নিজৰ কৰ্ম কৰি তেওঁ সুখী হোৱাৰ লগতে ভাস্কৰ্য শিল্পৰ জড়িয়তে তেওঁ স্বাৱলম্বী হৈছে ৷ সফলতাৰ বাবে নিজৰ আস্থা আৰু একাগ্ৰতা সদায়ে লাগিব বুলি পৰামৰ্শ দিয়ে শিল্পী গৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হ'ল নৌকাচালনা প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.