ETV Bharat / state

পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

মানাহ ৰাষ্ট্ৰীয় উদ্যানত শুকুৰবাৰৰ পৰা পুনৰ মুকলি কৰা হৈছে জীপ ছাফাৰী ৷ ইয়াৰ লগতে জীপ ছাফাৰী এছ’ছিয়েশ্যনৰ বাবে নতুনকৈ ল’গ’ আৰু নম্বৰ পঞ্জীকৰণৰ ব্যৱস্থাও মুকলি কৰা হয় ৷

Jeep safari inaugarated again in Manas National Park
পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী
author img

By

Published : Oct 9, 2020, 4:55 PM IST

বৰমা,9 অক্টোবৰ: পৰ্যটকৰ সুবিধাৰ্থে শুকুৰবাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি হ’ল জীপ ছাফাৰী । কৰ’ণা মহামাৰীৰ বাবে বিগত 7 মাহে ৰাষ্ট্ৰীয় উদ্যানখনত বন্ধ আছিল জীপ ছাফাৰী ব্যৱস্থা ৷

পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু মানাহ জীপ ছাফাৰী এছ’ছিয়েশ্যনৰ উদ্যোগত ৰঙা ফিটা কাটি এই অনুষ্ঠানৰ মুকলি কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰীয় ব্যঘ্ৰ প্ৰকল্প সঞ্চালক অমল কুমাৰ শৰ্মাই । ইয়াৰ লগতে জীপ ছাফাৰী এছ’ছিয়েশ্যনৰ বাবে নতুনকৈ ল’গ’ আৰু নম্বৰ পঞ্জীয়ণকৰণৰ ব্যৱস্থাও মুকলি কৰা হৈছে ৷

আনহাতে অনুষ্ঠানত উপস্থিত থাকি মানাহ জীপ ছাফাৰী এছ’ছিয়েশ্যনৰ সভাপতি আৰু সম্পাদক ক্ৰমে সঞ্জিৎ দাস আৰু অবিনাশ বড়োৱে 2 অক্টোবৰত উদ্যানখন পুনৰ মুকলি কৰাৰ পাচত জীপ ছাফাৰী কাৰ্যসূচী মুকলি কৰাতো সম্ভৱ হোৱাত তেওঁলোক যথেষ্ট পৰিমাণে উৎসাহিত হোৱা বুলি প্ৰকাশ কৰে । কৰ’ণা মহামাৰীৰ বাবে উদ্যানখনলৈ বিদেশী পৰ্যটকৰ আগমণ কমকৈ হ’লেও স্থানীয় পৰ্যটকৰ কিছু আগমণ ঘটিব বুলি দুয়োগৰাকীয়ে আশা প্ৰকাশ কৰে । লক ডাউনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ পাচত চৰকাৰে লোৱা এই কাৰ্য ব্যৱস্থাই উদ্যানখনৰ পৰ্যটন উদ্যোগটোৰ ক্ষতি নিৰাময়ত বহু পৰিমাণে সহায় কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ।

চৰকাৰে একোখন জীপত 3 গৰাকীকৈ পৰ্যটকৰ ভ্ৰমণৰ অনুমোদন দিছিল যদিও বৰ্তমান 4 গৰাকীকৈ পৰ্যটকক অনুমতি দিয়াৰ বাবে এছ’ছিয়েশ্যনৰ সভাপতি আৰু সম্পাদকে যথেষ্ট সুখ লাভ কৰিছে । উদ্যান ভ্ৰমণৰ সময়ত সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি চলিব বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

সম্প্ৰতি,এছ’ছিয়েশ্যনৰ সৈতে মুঠ 98 খন জীপ আছে ৷ এই অনুষ্ঠানত উপস্থিত থাকে সঞ্চালক অমল শৰ্মাৰ উপৰিও উদ্যানখনৰ সহকাৰী সঞ্চালক ৰঘুনাথ বড়ো,বাঁহবাৰী বন কাৰ্যালয়ৰ বন বিষয়া বাবুল ব্ৰহ্ম আৰু কাৰ্যালয়টোৰ নবনিযুক্ত বন বিষয়া অভিনৱ বৰুৱা ৷

লগতে পঢ়ক: ৰঙিয়াত প্ৰশাসনৰ উদ‍্যোগত মাস্ক বিতৰণ আৰু সজাগতাৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.