ETV Bharat / state

International tiger day: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত উদযাপন বিশ্ব ব্যাঘ্র দিৱস - ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল

আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস(International Tiger Day 2022) । ২০১০ চনৰ পৰা বাঘ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি প্ৰতিবছৰে ২৯ জুলাই দিনটো সমগ্ৰ বিশ্বই বিশ্ব বাঘ দিৱস হিচাপে পালন কৰি আহিছে । এই উপলক্ষ্যে ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল(Project Tiger Reserve) মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত উদযাপন কৰা হয় "বিশ্ব ব্যাঘ্র দিৱস" ৷

international-tiger-day-observed-in-manas-national-park
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত উদযাপন বিশ্ব ব্যাঘ্র দিৱস
author img

By

Published : Jul 29, 2022, 6:37 PM IST

বাক্সা, ২৯ জুলাই: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অতিথিশালাত শুকুৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত "বিশ্ব ব্যাঘ্ৰ দিৱস" উদযাপন কৰা হয়(International Tiger Day observed in manas national park) । এই উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্মৰত বিষয়া(OSD) বাবুল ব্ৰহ্ম, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্র শৰ্মাৰ লগতে স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ বহু লোক উপস্থিত থাকে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ব্যাঘ্ৰ দিৱসত অংশগ্রহণ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক বাবুল ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে, মানাহ ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ ৷ ইয়াক সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব ৷ তেওঁ লগতে কয় যে, শেহতীয়াকৈ আৰু নতুনকৈ ১৮ টা বাঘৰ সন্ধান পোৱাৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা ৪৮ টালৈ বৃদ্ধি পাইছে ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত উদযাপন বিশ্ব ব্যাঘ্র দিৱস

উল্লেখ্য যে, মানাহত মাছুল বৃদ্ধিৰ প্ৰতিবাদত মানাহৰ লগত জড়িত ১৪ টাকৈ সংগঠনৰ সন্মিলিত "গ্ৰেটাৰ মানাহ কনজাৰ্ভেশ্যন এণ্ড ডেভেলপমেন্ট ছ'চাইটি"য়ে আন্দোলন চলাই গৈছিল ৷ অসম চৰকাৰে বিষয়তো গুৰুত্ব দিয়াত গ্ৰেটাৰ মানাহ কনজাৰ্ভেশ্যন এণ্ড ডেভেলপমেন্ট ছ'চাইটি সাময়িকভাৱে প্ৰতিবাদ বন্ধ ৰাখে ৷ বিশ্ব ব্যাঘ্ৰ দিৱসৰ দিনা মানাহৰ লগত জড়িত এই ১৪ টা সংগঠনৰ সন্মিলিত "গ্ৰেটাৰ মানাহ কনজাৰ্ভেশ্যন এণ্ড ডেভলপমেন্ট ছ'চাইটি"য়ে সমদল উলিয়ায় আৰু “মানাহ আমাৰ সম্পদ“ শ্ল’গান দি এক ৰেলী বাহিৰ কৰে ৷

লগতে পঢ়ক : MLA busy in paddy filed: শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.