ETV Bharat / state

বিশ্ব আদিবাসী দিৱস উপলক্ষে বাক্সাত মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Aug 9, 2021, 8:48 PM IST

সোমবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে আদিবাসী দিৱস । অসমৰ বিভিন্ন প্ৰান্ততো আদিবাসীসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বাক্সা জিলাত বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

Indigenous Day Celebrate in Baksa
বিশ্ব আদিবাসী দিৱস উপলক্ষে বাক্সাত মানৱ শৃংখল কাৰ্যসূচী

বাক্সা, ৯ আগষ্ট : সোমবাৰে বাক্সা জিলাৰ শালবাৰী বাহবাৰী ফাতেমাবাদ চাহ বাগিছাত বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আদিবাসী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সংগঠনৰ সদস্যসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড লৈ "এছ টি আমাক লাগিবই", "ন' এছ টি নো ৰেষ্ট", "ভূমি পট্টা আমাক লাগিবই", আদিবাসীৰ নামত চৰকাৰে প্ৰতাৰণা কৰা বন্ধ কৰক" আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

আদিবাসীসকলক দিৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও কোনো চৰকাৰে আজিলৈকে এই বিষয়ে গুৰুত্ব দিয়া নাই ৷ ফলত অসমত থকা আদিবাসীসকলে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আদিবাসীসকলৰ সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে ৷

সোমবাৰৰ মানৱ শৃংখল কাৰ্যসূচীত আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানচুক চানখাৰিকা, কেন্দ্ৰীয় শিক্ষা সম্পাদক ৰাজু তীৰ্কী, বাহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণ কুজুৰ, সম্পাদক চুলেন্দ্ৰ বৰাইৰ লগতে সদস্যসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, বিশ্বৰ বিভিন্ন প্ৰান্তত আজি আদিবাসী দিৱস পালন কৰা হৈছে ।

২০২১ বৰ্ষৰ বিশ্ব আদিবাসী দিৱসৰ বিষয়বস্তু হৈছে 'কাকো এৰি থৈ নাহিব : খিলঞ্জীয়া লোক আৰু এক নতুন সামাজিক চুক্তিৰ বাবে আহ্বান' । আদিবাসী লোকসকলৰ অধিকাৰ, সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰতি বছৰে ৯ আগষ্টত আদিবাসী দিৱস পালন কৰা হয় ।

লগতে পঢ়ক :মুক্তি সেনানী চন্দ্ৰধৰ চেতিয়ালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.