ETV Bharat / state

বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

author img

By

Published : Nov 8, 2019, 8:16 AM IST

সমৰ-কলা শিকোৱাৰ নামত বাক্সা জিলাত জাল পাতিছে প্ৰৱঞ্চকৰ দলে ৷ ডাঃ বিজু সিং আৰু পৰেশ ডেকা নামৰ দুগৰাকী ব্যক্তিয়ে শিক্ষিত নিবনুৱা তথা খেলুৱৈৰ পৰা লক্ষাধিক টকা লুণ্ঠন কৰাৰ অভিযোগ ৷

বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

বাক্সা, 7 নৱেম্বৰঃ ৰাজ্যৰ খেলুৱৈৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে একাংশ ভুৱা সংগঠনে ৷ শেহতীয়াকৈ বাক্সা জিলাত সংঘটিত হোৱা এক ঘটনাৰ পাচত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷

বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

জিলাখনৰ তামুলপুৰ মহকুমাৰ দ্বাৰকুছিত 11জনকৈ সমৰকলা প্ৰশিক্ষাৰ্থীৰ পৰা প্ৰৱঞ্চকে লুটিলে ৩,৪৩,১০০ টকা ৷ পদোন্নতিকে ধৰি ৰেফাৰী নিযুক্তি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ টোপ প্ৰদান কৰি খেলুৱৈ কেইগৰাকীক ৰাম ঠগন দিয়ে ডাঃ বিজু সিং আৰু পৰেশ ডেকা নামৰ দুগৰাকী ব্যক্তিয়ে ৷ Budo Association of India নামে এক সংগঠন খুলি খেলুৱৈ কেইগৰাকীৰ পৰা লুটি নিয়ে বৃহৎ পৰিমাণৰ ধন ৷

খেলুৱৈকেইগৰাকীয়ে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৷ সংবাদমেলত আৰক্ষী প্ৰশাসনক ডাঃ বিজু সিং আৰু পৰেশ ডেকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে খেলুৱৈকেইগৰাকীয়ে ৷

লগতে পঢ়কঃধুবুৰীত ভূমি বিবাদকলৈ মোমাই ভাগিনৰ সংঘৰ্ষ

Intro:বাক্সাৰ দ্বাৰকুছীত Budo Association of India নামৰ ক্ৰীড়া সংগঠনৰ বৃহৎ জাল ।
মাৰ্চেল আৰ্টৰ পদোন্নতিৰ নামত ৩,৪৩,১০০ টকা সৰাধ কৰিলে প্ৰশিক্ষণাৰ্থী যুৱক যুৱতীৰ পৰা ।

Body:ৰাজ্যত এতিয়া বিভিন্ন বেচৰকাৰী সংস্থা আৰু অনুষ্ঠান প্ৰতিস্থানৰ নাম লৈ শিক্ষিত নিবনুৱা যুৱক যুৱতীক প্ৰৱঞ্চনাৰ জালত পেলোৱাৰ ঘটনা নতুন নহয় । এইবাৰ এনে এক ঘটনা পোহৰলৈ আহিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দ্বাৰকুছীত ১১ জনকৈ মাৰ্চেল আৰ্ট প্ৰশিক্ষণাৰ্থীৰ পৰা পদোন্নতি আৰু যোগা ৰেফাৰীৰ পদোন্নতি দিয়াৰ লগতে বিভিন্ন ধৰণৰ সুবিধা দিয়াৰ নামত ললে ৩,৪৩,১০০ টকা । এই টকাৰ অংশ ভাল কৰিলে বডু এচোচিয়েচন ফৰ আচাম নামৰ ক্ৰীড়া সংগঠনটোৰ সাধাৰণ সম্পাদক ডাঃ বিজু সিং আৰু পৰেশ ডেকা নামৰ লোক দুজনে । এতিয়া ৰাইজৰ প্ৰশ্ন কোন এই ডাঃবিজু সিং আৰু পৰেশ ডেকা দুই ভণ্ড । যত ক্ৰীড়াৰ নামত প্ৰৱঞ্চনা কৰিলে যুৱক যুৱতী সকলক । উল্লেখ্য যে প্ৰশিক্ষণাৰ্থী সকলক যি সমূহ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছিল তাত কোনো ধৰণৰ ক্ৰমিক নম্বৰ নাছিল বুলি অভিযোগ কৰে প্ৰশিক্ষণাৰ্থী সকলে । প্ৰশিক্ষণাৰ্থী সকলে দিয়া ভাষ্য অনুসৰি ক্ৰমিক নং নহলে তেনে প্ৰমাণ প্ৰত্ৰ মূল্যহীন বুলি কয় ।

Conclusion:প্ৰশিক্ষাৰ্থী ৰাম বড়োৱে জানিব দিয়া মতে যোৱা ৫ নবেম্বৰ তাৰিখে পৰেশ ডেকাই ২,৭০,০০০টকা উভটাই দিম বুলি লিখিত প্ৰস্তুতি প্ৰদান কৰিছিল। কিন্তু দিন চমু চাপি অহাৰ লগে লগেই ফোনটোও ৰিচিভ নকৰা হল বুলি কয় । সেয়ে তেওঁ এই ক্ৰীড়া সংগঠনৰ দুই দালালক আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে । যাতে আৰু ৰাজ্যত কোনো যুৱক যুৱতীক তেওঁলোকে প্ৰতাৰণা কৰিব নোৱাৰে বুলি কয় ।

ভাষ্য : ১/ৰাম বড়ো ২/ পূৰ্ণিমা বড়ো ।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.