ETV Bharat / state

অবৈধ খননেই কাল হ’ল এটা চাহ শ্ৰমিক পৰিয়ালৰ

author img

By

Published : May 18, 2021, 4:36 PM IST

বেঁকী নৈৰ কাষতে থকা বিশপানী নৈত এচাম অসাধু ব্যৱসায়ীয়ে অবৈধভাবে শিল-বালি খান্দি নিয়াৰ ফলত সৃষ্টি হোৱা দ খাৱৈত আকস্মিকভাবে পিচলি পৰি বিজয় কাণডুলনা নামৰ লোকজনৰ মৃত্যু ৷ অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷

illegal-irrosion-cause-of-death-of-a-family-member-of-bahbari
এক অবৈধ খননেই কাল হ’ল এটা চাহ শ্ৰমিক পৰিয়ালৰ

বাক্সা, ১৮ মে': বাক্সা জিলাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ চৰ্দাৰ বিজয় কাণডুলনা নামৰ লোকজনে বেঁকী নৈৰ কাষতে থকা বিশপানী নৈত এচাম অসাধু ব্যৱসায়ীয়ে অবৈধভাবে শিল-বালি খান্দি নিয়া দ খাৱৈত মাছ মাৰিবলৈ গৈ আকস্মিকভাবে পিচলি পৰি মৃত্যুক সাৱটি লয় । ঘটনাৰ পিচত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে ।

আনহাতে, এই বিষয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানচুক চানখাৰিকাই উক্ত নৈ খনত চলি থকা অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই । ক'ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা সান্ধ্য আইন অমান্য কৰি চলি থকা মহল তথা ডাম্পাৰ, ট্ৰেক্টৰৰ চলাচল বন্ধ কৰিবলৈও দাবী জনায় ৷

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভিন্ন বিষয়ৰ অনলাইন প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.