ETV Bharat / state

বড়ো ভাষাৰ ফলকক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

author img

By

Published : Nov 10, 2020, 1:49 PM IST

এখন বড়ো ভাষাৰ ফলকক কেন্দ্ৰ কৰি বাক্সাৰ গোৰেশ্বৰত উত্তপ্ত পৰিস্থিতি ৷ বড়ো ভাষাৰ উপৰিও ইংৰাজী ভাষা লিপিবদ্ধ আছিল ফলকখনত ৷ অসমীয়া ভাষাক এলাগী কৰি অন্য ভাষাত ফলক লিখা বাবে প্ৰতিবাদ সাব্যস্ত কৰে গোৰেশ্বৰ আঞ্চলিক আক্ৰাছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে ৷

hungama due to signboard in bodo language in baksa assam etv bharat news
বড়ো ভাষাত ফলক

বাক্সা,10 নৱেম্বৰ: এখন ফলকক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাক্সাৰ গোৰেশ্বৰত ৷ গোৰেশ্বৰৰ শুক্লাই জলসিঞ্চন কাৰ্যালয় চৌহদত বড়ো ভাষাত আঁৰি দিয়া হৈছিল এখন ফলক ৷ বড়ো ভাষাৰ উপৰিও ইংৰাজী ভাষা লিপিবদ্ধ আছিল ফলকখনত ৷ এই ফলকখন দেখাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে গোৰেশ্বৰ আঞ্চলিক আক্ৰাছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে ৷ সংগঠন দুটাৰ দাবী অসমীয়া ভাষাক এলাগী কৰাটো প্ৰতিফলিত হৈছে ফলকখনত ৷ সংগঠন দুটাৰ কৰ্মকৰ্তাসকলে মঙলবাৰে কাৰ্যালয়টোত উপস্থিত হৈ বিভাগটোৰ দায়িত্বত ন্যস্ত থকা বিষয়াগৰাকীক সাক্ষাৎ কৰে সমগ্ৰ বিষয়টো অৱগত কৰে ৷ বিষয়াগৰাকীয়ে সংগঠন দুটাক এই ফলক আঁতৰ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ উত্থাপন

উল্লেখ্য যে, কাৰ্যালয়টোত উপস্থিত হোৱা সংগঠন দুটাৰ কৰ্মকৰ্তাসকলে অসমীয়া বিৰোধী হুঁচিয়াৰ, অসমীয়া বিৰোধী লেই-লেই, চেই-চেই, অসমীয়া বিৰোধী গ’ বেক, অসমীয়া বিৰোধী হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে চাওকঃ কামপুৰত লংজাপ পাহাৰৰ পৰা বাগৰি পৰিল এটা হাতী পোৱালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.