ETV Bharat / state

নাগ্ৰীজুলিত মানৱ সৰবৰাহৰ ওপৰত সজাগতা সভা - awarness programme

কাউলী হাইস্কুলৰ প্ৰধান শিক্ষক নাৰদ ভট্টাৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগল, কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথৰ লগতে প্ৰায় তিনি শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

human trafficking awarness programme
নাগ্ৰীজুলিত মানৱ সৰবৰাহৰ ওপৰত সজাগতা সভা
author img

By

Published : Nov 12, 2020, 8:43 PM IST

তামুলপুৰ, ১২ নৱেম্বৰ: তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কাউলী বজাৰ প্ৰাংগণত বৃহস্পতিবাৰে বাক্সা জিলা আৰক্ষীৰ উদ্যোগত আৰু ৱৰ্ল্ড ভিছন ইণ্ডিয়া নামৰ সংস্থাৰ সহযোগত মানৱ সৰবৰাহৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। কাউলী হাইস্কুলৰ প্ৰধান শিক্ষক নাৰদ ভট্টৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগল, কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথৰ লগতে প্ৰায় তিনি শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ সভাত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, অসমত মানৱ সৰবৰাহৰ ঘটনা এতিয়া প্ৰায়ে সংঘটিত হৈ আহিছে । আৰক্ষীয়ে প্ৰতিটো ক্ষণত ইয়াৰ বাবে তৎপৰতা অৱলম্বন কৰি আহিছে । কোনো দুষ্ট চক্ৰই যাতে শিশুসকলক ফুচলাই নিব নোৱাৰে তাৰ বাবে ৰাইজ সজাগ হ’ব লাগিব আৰু আৰক্ষীকো সহায় সহযোগিতাৰ প্ৰয়োজন । তেওঁ লগতে কয় যে, যিকোনো সময়ত যিকোনো অসুবিধাৰ বাবে আৰক্ষী প্ৰশাসনে ৰাইজক সুৰক্ষা দিয়াৰ বাবে প্ৰস্তুত । তেওঁ লগতে এই ধৰণৰ সৰবৰাহৰ ঘটনা সংঘটিত হ’লে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰিবলৈ স্থানীয় ৰাইজক অনুৰোধ জনায় ।

সভাত ৱৰ্ল্ড ভিছন ইণ্ডিয়াৰ বাবলি বসুমতাৰীয়ে কয় যে, প্রতিবছৰে বৃদ্ধি পাইছে শিশু, মহিলাৰ নিৰুদ্দেশ, অপহৰণৰ ঘটনা ৷ বিশেষকৈ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় মানৱ সৰবৰাহকাৰী চক্রই ব্যাপকভাৱে খোপনি পুতিছে ৰাজ্যত ৷ ৰাজ্যখনৰ চাহ বাগিচা, আদিবাসী অধ্যুষিত অঞ্চল, দুখীয়া জনজাতীয় পৰিয়াল, দৰিদ্র পৰিয়ালৰ শিশু, মহিলাক লক্ষ্য কৰি এনে চক্রই ৰাজ্যৰ পৰা অবাধে মানৱ সৰবৰাহ অব্যাহত ৰাখিছে ৷ দৰিদ্র পৰিয়ালক বিভিন্ন ধৰণে প্রলোভন দি এনে পৰিয়ালৰ কিশোৰী, যুৱতী, মহিলাক বহিঃৰাজ্য তথা বহিঃৰাষ্ট্রলৈ নি মানৱ সৰবৰাহকাৰী চক্রসমূহে বিক্রী কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ যাৰ বাবে আমি সকলোৱে ইয়াক ৰোধ কৰাৰ বাবে ব্যৱস্থা ল’ব লাগে ।

সভাত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক লামহাও ডুংগলে কয় যে, সাম্প্ৰতিক সময়ত এচাম দুষ্ট লোকে জাল পাতি মানৱ সৰবৰাহ অব্যাহত ৰাখিছে । ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো সংঘটিত হৈছে এনে ঘটনা । পিছপৰা অঞ্চলৰ পৰা যাতে ভয়-ভাবুকি অথবা কাম দিয়াৰ প্ৰলোভনেৰে শিশু- যুৱতীসকলক বহি:ৰাজ্যত নিব নোৱাৰে তাৰ বাবে পৰিয়ালপক্ষ সদায় সজাগ হৈ থাকিব লাগে । সভাত ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়াৰ ধ্ৰুৱজ্যোতি বড়ো, কাউলী বজাৰ উন্নয়ন সমিতিৰ সম্পাদক দীপাংকৰ ভট্টাচাৰ্য, গাঁওবুঢ়া ৰঞ্জিত দে, সমাজ কর্মী মিন্টু সিংহ, প্ৰদীপ দাস, স্থানীয় শিক্ষক গোপাল আচার্জী উপস্থিত থাকে ।

লগতে পঢ়ক: আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.