ETV Bharat / state

বাক্সাত অব্যাহত আছে নাৰী সৰবৰাহৰ ঘটনা - ধনৰ প্ৰলোভনেৰে বহু মহিলা-যুৱতীক চালান

বাক্সা জিলাৰ ডুমুণী চাহ বাগিচাৰ পৰা বিগত সময়ছোৱাত অব্যাহত আছে নাৰী সৰবৰাহৰ ঘটনা ৷ দৰিদ্ৰতাৰ সুযোগ লৈ নাৰী সৰবৰাহী চক্ৰটোৱে বহিৰাজ্যলৈ চালান দি আহিছে বহু মহিলা-যুৱতীক ৷ এই ব্যৱসায়ত জড়িত আছে একাংশ দালাল চক্ৰ ৷

ধনোৱা মুণ্ডা
author img

By

Published : Oct 11, 2019, 2:23 PM IST

বাক্সা, 11 অক্টোবৰ : বাক্সা জিলাৰ ডুমুণী চাহ বাগিচাৰ পৰা বিগত সময়ছোৱাত অব্যাহত আছে নাৰী সৰবৰাহৰ ঘটনা ৷ দৰিদ্ৰতাৰ সুযোগ লৈ নাৰী সৰবৰাহী চক্ৰটোৱে বহিৰাজ্যলৈ চালান দি আহিছে বহু মহিলা-যুৱতীক ৷ এই ব্যৱসায়ত জড়িত আছে একাংশ দালাল চক্ৰ ৷

বিগত পোন্ধৰ বছৰে সন্ধানহীন ধনোৱা মুণ্ডাৰ কন্যা

ডুমুণী চাহ বাগিচাৰ 1 নম্বৰ লাইনত বাস কৰা ধনোৱা মুণ্ডা নামৰ ব্যক্তিজনৰ একমাত্ৰ কন্যাক বিগত পোন্ধৰ বছৰ পূৰ্বে কাম কৰিবৰ বাবে দিল্লীলৈ লৈ গৈছিল ৷ কিন্তু তেতিয়াৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই ধনোৱা মুণ্ডাৰ কন্যাৰ ৷ মুণ্ডাৰ লগতে অন্য বহু পৰিয়ালৰ কন্যাক এনেদৰে নানান প্ৰলোভন দি লৈ যায় আৰু নাৰী ব্যৱসায়ীত জড়িত কৰে বিভিন্ন চক্ৰই ৷ ইয়াৰে বহুকেইগৰাকী যুৱতী উভতি আহিছে যদিও আন বহুকেইগৰাকী বৰ্তমানেও উভতি আহিবলৈ সক্ষম হোৱা নাই ৷

ধনোৱা মুণ্ডা
বিগত পোন্ধৰ বছৰে সন্ধানহীন ধনোৱা মুণ্ডাৰ কন্যা

এই সম্পৰ্কে বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক আলবিনাছ তীগ্গাই কয় যে, শিক্ষাৰ অভাৱ আৰু দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন প্ৰলোভনেৰে একাংশ দালালে দৈনিক আদিবাসী জনগোষ্ঠীটোৰ যুৱতী-মহিলাসকলক বহিৰাজ্যলৈ লৈ যায় । ইতিমধ্যে এই সন্দৰ্ভত আছাই আৰক্ষী প্ৰশাসনক অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

Intro:বাক্সাৰ ডুমুণী অঞ্চলত অব্যাহত আছে নাৰী সৰবৰাহ ঘটনা
ধনৰ প্ৰলোভনেৰে যুৱতী মহিলাক চালান বহিৰাজ্যলৈ ।

Body:বাক্সা এতিয়াও অব্যাহত আছে নাৰী সৰবৰাহ । দৰিদ্ৰতা সুযোগ লৈ নাৰী সৰবৰাহী চক্ৰটোৱে বহি ৰাজ্যলৈ চালান দি আহিছে বহু মহিলা যুৱতী । বাক্সা জিলাৰ ডুমুণী চাহ বাগিচা অঞ্চলৰ পৰায়ে বিগত সময়চোৱাত সহস্ৰাধিক মহিলা যুৱতীক ধনৰ প্ৰলোভন দি বহিৰাজ্যলৈ নিছে নাৰী সৰবৰাহত জড়িত একাংশ দালালে । শেহতীয়াভাৱে পোহৰলৈ আহিছে ডুমুণী অঞ্চলত সংঘটিত হৈ থকা এনে ভয়ংকৰ তথ্য ।
এইজন ধনোৱা মুণ্ডা ,ডুমুণী চাহ বাগিচাৰ ১ নম্বৰ লাইনত বাস কৰে । এই গৰাকী ব্যক্তিৰ একমাত্র ছোৱালীজনী বিগত পোন্ধৰ বছৰ পূৰ্বে কাম কৰাৰ বাবে লৈ গৈছিল দেশৰ ৰাজধানী চহৰ দিল্লীলৈ । কিন্তু তেতিয়াৰে পৰা যোগাযোগ নাই পৰিয়ালৰ সৈতে । কত ,আছে, কি কৰিছে এই বিষয়ে কোনো শুং সূত্ৰ নাপায় পৰিয়ালটোৱে । উল্লেখ্য যে কেৱল ধনোৱা মুণ্ডাৰ একমাত্ৰ ছোৱালী জনীয়ে নহয় বাগিচাখনৰ পৰা সহস্ৰাধিক যুৱতী মহিলাক নানান প্ৰলোভন দি নাৰী ব্যৱসায়ী চক্ৰটোৱে নিছে বহিৰাজ্যলৈ ।কোনো যদি উভতি আহিছে কোনোবা আজিও আবদ্ধ হৈ আছে ।

Conclusion:এই ক্ষেত্ৰত বাক্সা জিলা আদিবাসী ছাত্র সন্থাৰ সম্পাদক আলবিনাছ তীগ্গাই কয় যে অশিক্ষিত আৰু দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি আদিবাসী জনগোষ্ঠীটোৰ যুৱতী মহিলা সকলক কাম দিয়াৰ প্ৰলোভন দি একাংশ দালালে দৈনিক বহি ৰাজ্যলৈ নি আছে । ইতিমধ্যে এই সন্দৰ্ভত আছাই আৰক্ষী প্ৰশাসনক অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

ভাষ্য : ১/ অভিভাৱক ২/ আছাৰ নেতা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.