ETV Bharat / state

বিশেষভাৱে সক্ষম পুত্ৰক লৈ অসহায় হৈ পৰা এগৰাকী মাতৃ.. - বাক্সা

পুত্ৰক সুস্থ কৰি তোলাৰ আশাৰে সুদীৰ্ঘ সময়ে বাট চাই ৰৈছে এগৰাকী মাতৃ । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভোলাবটাবাৰীৰ পদুমী কলিতা নামৰ মহিলাগৰাকী বিশেষভাৱে সক্ষম পুত্ৰক লৈ এতিয়া অসহায় হৈ পৰিছে ।

helpless woman of baksa
helpless woman of baksa
author img

By

Published : May 10, 2020, 5:10 PM IST

বাক্সা, 10 মে': এগৰাকী অতুলনীয়, অন্যন্যা মাতৃৰ নিদৰ্শন বহন কৰিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভোলাবটাবাৰীৰ পদুমী কলিতাই । বিশেষভাৱে সক্ষম পুত্ৰ অমল কলিতাৰ সৈতে পদুমী কলিতাই কটাইছে এক দুৰ্বিষহ জীৱন । পুত্ৰৰ জন্মৰ পিচতে স্বামীহাৰা হোৱা মহিলা গৰাকীয়ে আজিও আশা কৰি ৰৈছে, এদিন সুস্থ হৈ উঠিব পুত্ৰ ।

বাক্সাৰ এগৰাকী অসহায় মাতৃ

আৰ্থিক দৈন্যতাই জুৰুলা কৰা মহিলা গৰাকী বৰ্তমান পুত্ৰক লৈ বাস কৰি আছে আত্মীয়ৰ গৃহত । পুত্ৰক উন্নত চিকিৎসা কৰাবলৈ বাট বিচাৰি নোপোৱা পদুমী কলিতাক প্ৰয়োজন সকলোৰে সহায়ৰ । যদিহে কোনো লোকে এই অসহায় মহিলা গৰাকীক সহায় কৰিব বিচাৰে তেন্তে মহৰিপাৰা CBI শাখাৰ একাউণ্ট নম্বৰ 3538102614 আৰু IFSC CODE 0282253ত কিছু আৰ্থিক সাহায্য দিয়াৰ ওপৰিও, 60030-72486 অথবা 99571 83812 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়কঃ চৰকাৰে নিদিয়ে : ৰাইজে গাঁঠিৰ ধনেৰে ৰোধিছে খহনীয়া !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.