বাক্সা,১১ জুন : ৰাজ্যত বৰ্তমানেও বিভিন্ন প্ৰান্তত শিক্ষকসকলৰ প্ৰতিবাদ অব্যাহত আছে (Teacher protest in Assam)। কাৰণ চৰকাৰে নিযুক্তি দিয়া বহু শিক্ষক আজিও বিভিন্ন ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে (Teachers are deprived of various facilities in Assam)। বছৰ বছৰ ধৰি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থকাৰ পাছতো বহু শিক্ষকে আজি ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে । উপায়হীন হৈ বহু শিক্ষকে পৰিয়াল পোহপাল দিবলৈ আনকি শিক্ষকতাৰ লগতে বিকল্প পদ্ধতিও অৱলম্বন কৰিছে ।
তেনে এগৰাকী শিক্ষক হৈছে বাক্সা জিলাৰ দ্বীপৰ বড়ো । টিহু-বৰমা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯৩৫ চনতে স্থাপন হোৱা ৮১৪ নং ভোগপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীপৰ বড়ো । প্ৰায় ২৩ বছৰে শিক্ষকতা কৰাৰ পাছতো আজিলৈ চাকৰি নিয়মীয়াকৰণ নহ’ল দ্বীপৰ বড়োৰ । যাৰ বাবে এখন চাহৰ দোকান দি পৰিয়াল পোহপাল দিছে প্ৰধান শিক্ষকগৰাকীয়ে (BTC teacher in financial crisis runs tea shop)।
চাকৰি নিয়মীয়াকৰণ হোৱালৈ বাট চাই নাথাকি আৰ্থিক অভাৱ পূৰণৰ বাবে টিহু-বৰমা শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সম্মুখতে চাহৰ দোকান দিছে প্ৰধান শিক্ষকগৰাকীয়ে । প্ৰধান শিক্ষকগৰাকীৰ এনে দুৰ্দশা দেখাৰ পাছত এতিয়া উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ সচেতন নাগৰিকসকল ।
উল্লেখ্য যে ১৯৯৯ চনতে প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে তেতিয়াৰ অসম গণ পৰিষদ চৰকাৰৰ শিক্ষা বিভাগে বিজ্ঞাপনৰ জৰিয়তে মকৰলৰ ব্যৱস্থা কৰিছিল ৷ সেই মতে শিক্ষক নিযুক্তি দিয়া হৈছিল ৷ কিন্তু বিটিচিৰ টিহু-বৰমা, তামুলপুৰ আৰু বাক্সা শিক্ষা খণ্ডত চৰকাৰে অনিয়ম সংঘটিত হোৱা বুলি এই নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে ৷
যাৰ ফলত তিনিওটা শিক্ষাখণ্ডৰ শতাধিক শিক্ষকৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ সেই শিক্ষকসকলৰ ভিতৰত দ্বীপৰ বড়োও এগৰাকী । আনহাতে ১৯৯৯ চনত নিযুক্তি প্ৰাপ্ত কেইবাজনো শিক্ষকে মানসিকভাৱে ভাগৰি মৃত্যুক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, বৰ্তমান বিটিচিত থকা প্ৰমোদ বড়োৰ চৰকাৰেও শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ কাৰণে আশ্বাস প্ৰদান কৰিছে ৷ কিন্তু প্ৰশ্ন হ'ল, শিক্ষকসকলৰ এনে দুৰৱস্থা দেখাৰ পাছত হিমন্ত বিশ্ব শৰ্মা নেতত্বাধীন অসম চৰকাৰ লগতে বিটিআৰ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ?
লগতে পঢ়ক :কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী