বাক্সা,১৮ ফেব্ৰুৱাৰী: আগন্তুক নিৰ্বাচনক লৈ তৎপৰতা বাঢ়িছে বিটিআৰ নিৰ্বাচনত মুখ থেকেচা খোৱা বিপিএফ দলৰ । বৃহস্পতিবাৰে দলৰ তিনিগৰাকী শীৰ্ষ নেতা মিলিত হয় এক গোপন বৈঠকত । বাক্সা জিলাৰ বৰমাত দলৰ সভাপতি হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰী এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত সাংবাদিকৰ সন্মুখত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে জনোৱা মতে, আগন্তুক নিৰ্বাচনত কোন দলৰ লগত বিপিএফে মিত্ৰতা কৰিব তাকলৈ আলোচনা কৰা হৈছে বৈঠকত ।
তেওঁৰ মতে বিজেপিয়ে বিপিএফ দলক অস্বীকাৰ কৰিছে, যাৰ বাবে তেওঁলোক এতিয়া মিত্ৰতাৰ বাবে নতুন দলৰ সন্ধানত আছে । ৰাষ্ট্ৰীয় দল নতুবা আঞ্চলিক দল যেনে ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিৰ কোনোবা এটা দলৰ লগত লগ লাগি আগন্তুক বিধানসভা নিৰ্বাচন খেলিব পৰা যায় নেকি, সেই লৈ আলোচনা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মহিলাৰীয়ে ৷ বিটিচিৰ ভিতৰত থকা সমষ্টি সমূহত নিৰ্বাচন খেলিব যদিও বিটিচিৰ বাহিৰত মিত্ৰ দলক সমৰ্থন কৰিব বুলিও কয় মহিলাৰীয়ে ৷
লগতে পঢ়ক:মুখ্যমন্ত্ৰী সোণোৱালক দায়িত্বজ্ঞানহীন আখ্যা আছুৰ