ETV Bharat / state

বিজেপিৰে পুনৰ মিত্ৰতাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিটিচিৰ ৰাজনৈতিক বতাহ আকৌ গৰম হোৱাৰ দিশে । বিজেপিৰে বিপিএফৰ মিত্ৰতা চূড়ান্ত হোৱাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ ।

hagrama mahilari announces re-alliance with bjp
বিজেপিৰে পুনৰ মিত্ৰতাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ
author img

By

Published : Oct 4, 2021, 9:49 PM IST

ৰৌতা, ৪ অক্টোবৰ : উপ-নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিটিচিৰ ৰাজনৈতিক বতাহ আকৌ গৰম হোৱাৰ দিশে । বিজেপিৰে বিপিএফৰ মিত্ৰতা চূড়ান্ত হোৱাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ । মাত্ৰ আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্য মহিলাৰীৰ । বিপিএফ আকৌ বিজেপিৰ কাষ চপাৰ লগে লগেই অধিক আকৰ্ষণীয় হৈ পৰিছে বিটিচিৰ ৰাজনীতি । ইয়াৰ সমান্তৰালভাৱে প্ৰশ্ন উঠিছে যে, পুনৰ বিটিচি প্ৰধানৰ আসন দখল কৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে ? কি হ'ব বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ?

বিজেপিৰে পুনৰ মিত্ৰতাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ

লগতে পঢ়ক : ফ্লেট ক্ৰয় কৰোঁতা-নিৰ্মাতাৰ চুক্তি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বিপিএফ নেতৃত্বৰে হোৱা আলোচনাত মিত্ৰতাই চূড়ান্ত ৰূপ পোৱাৰ পিছতে ওদালগুৰি জিলাৰ ৰৌতাস্থিত B.I.C.C প্ৰেক্ষাগৃহত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি দলীয় বিধায়ক আৰু শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় উক্ত সভাখন ৷

সভাত বিজেপিৰে হোৱা মিত্ৰতা আৰু আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা হয় বুলি মহিলাৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে । আগন্তুক উপ-নিৰ্বাচনৰ বাবে গোঁসাইগাঁও সমষ্টিৰ বাবে বিপিএফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷

লগতে পঢ়ক : আমেৰিকাৰ দুজন বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

ব্ৰহ্মই প্ৰাৰ্থীত্ব লাভ কৰি হাগ্ৰামাক ধন্যবাদ দিয়াৰ লগতে গোঁসাইগাঁৱত তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে । সমান্তৰালকৈ যোৱা কালি ইউপিপিএল দলেও গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইয়াৰে গোঁসাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিয়ে ইউপিপিএল দলে ৷

বিপিএফে প্ৰাৰ্থী নিদিয়া সমষ্টিত দলে ইউপিপিএলক সহায় কৰিব নে বিজেপিক বুলি সাংবাদিকে সোধা প্ৰশ্নত মহিলাৰীয়ে কোনো দলৰে নাম নোলোৱাকে মিত্ৰজোঁটক সহায় কৰিব বুলি আওপকীয়াকৈ মন্তব্য প্ৰকাশ কৰে । হাগ্ৰামাৰ আওপকীয়া মন্তব্যই আগন্তুক দিনত প্ৰমোদ বড়োৰ ক্ষেত্ৰত যে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব তাৰে ইংগিত বহন কৰিছে । এতিয়া বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দল ইউপিপিএলে কি পন্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক : ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ শ্বাহৰুখ তনয় : বাদশ্বাহৰ সমৰ্থনত বলিউড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.