ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি বাক্সাৰ বৰশিমলুগুৰিত গৰু বিহু উদযাপন

author img

By

Published : Apr 14, 2022, 9:56 PM IST

বাক্সা জিলাৰ বৰশিমলুগুৰিত ৰামধেনু দুগ্ধ সমবায় সমিতিৰ উদ্যোগত গৰু বিহু উদযাপন (Goru Bihu celebration at Baksa)৷ উপস্থিত থাকে সাংসদ নৱ শৰণীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা (MP Naba Kumar Sarania at Baksa) ৷

goru-bihu-celebrations-at-baksa
পৰম্পৰা ৰক্ষা কৰি বাক্সাৰ বৰশিমলুগুৰিত গৰু বিহু উদযাপন

বাক্সা, ১৪ এপ্ৰিল : ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসীয়ে বৃহস্পতিবাৰে পালন কৰিলে গৰু বিহু ৷ সম্পূৰ্ণ দুবছৰৰ বিৰতিৰ মূৰত বিহু উদযাপন কৰিবলৈ পাই গাত তৎ নোহোৱা হৈছে প্ৰতিগৰাকী অসমীয়াৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাবাসীয়েও বৃহস্পতিবাৰৰ দিনটোত পালন কৰিলে গৰু বিহু (Goru Bihu celebration at Baksa)৷ বাক্সা জিলাৰ বৰশিমলুগুৰিত ৰামধেনু দুগ্ধ সমবায় সমিতিৰ উদ্যোগত উদযাপন কৰা হ'ল গৰু বিহু ৷

উল্লেখ্য যে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° উৎপলজ্যোতি শৰ্মা, পশু চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ দিলীপ শৰ্মা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে ৷

অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বৰশিমলুগুৰিৰ ৰামধেনু দুগ্ধ উৎপাদন সমবায় সমিতিয়ে নতুনকৈ স্থাপন কৰা লখিমী গাই গৰুৰ পামখন উদ্বোধন কৰাৰ লগতে গৰুক গা ধুৱাই একেলগে গৰু বিহু উদযাপন কৰে (MP Naba Kumar Sarania at Baksa) ৷

ৰামধেনু দুগ্ধ উৎপাদন সমবায় সমিতিৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে স্থানীয় গাই গৰুৰে অঞ্চলটোত দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী কৰি তোলাৰ লগতে কেঁচু সাৰ উৎপাদনৰ লগতে গোবৰেৰে ফুলৰ তাপ প্ৰস্তুত কৰাৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : নগাঁৱতো উদযাপন গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.