বাক্সা,1 মাৰ্চঃ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰত ৷ শনিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ বকুলগুৰীত শ্ৰী শ্ৰী শনি মহামেলা ও নৱগ্ৰহ মহাযজ্ঞ ৷ সম্পূৰ্ণ মাঙ্গলিক পৰম্পৰাৰে আয়োজন কৰা হৈছে এই মহাযজ্ঞ ৷ এই পূজাই দেশৰ অপায় অমঙ্গল দূৰ কৰে বুলি লোকবিশ্বাস আছে ৷ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ সমাগমত উৎফুল্লিত হৈ পৰিছে আয়োজক কমিতি ৷
লগতে পঢ়ক-ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নাগৰিকলৈ আহিল ডি ভোটাৰৰ জাননী