ETV Bharat / state

Golden Jubilee of Barama College: ছাত্ৰী নিবাসৰ বাবে চৰকাৰৰ ১ কোটি টকা বিটিচিৰ - পদ্মশ্ৰী মংগল সিং হাজোৱাৰী

বৰমা কলেজৰ ছাত্ৰী নিবাসৰ বাবে বিশেষ আৰ্থিক সাহাৰ্য ঘোষণা কৰিলে প্ৰমোদ বড়োৱে (fund for barama college girls hostel) । সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক্ ক্ষণত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কৰিলে এই ঘোষণা ।

Golden Jubilee of Barama College
ছাত্ৰী নিবাসৰ বাবে চৰকাৰৰ ১ কোটি টকা
author img

By

Published : Nov 25, 2021, 7:34 PM IST

বাক্সা, ২৫ নবেম্বৰ : ৫০ বছৰত ভৰি দিলে বৰমাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান বৰমা মহাবিদ্যালয়ে (barama college completed 50 years)। মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাকক্ষণত বিটিআৰ চৰকাৰৰ বিশেষ ঘোষণা । মহাবিদ্যালয়খনৰ ছাত্ৰী নিবাস নিৰ্মাণৰ বাবে চৰকাৰে প্ৰদান কৰিব ১ কোটি টকাৰ অনুদান (one crore fund for girls hostel construction) । এই ঘোষণা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ।

বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভাত (Freshmen Social of Barama College) উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিটিআৰ প্ৰধানগৰাকীয়ে । লগতে মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ অতি জাক-জমকতাৰে উদযাপন কৰাৰ কথাও প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ ইফালে বিটিআৰৰ উচ্চ শিক্ষাৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধানৰ বাবেও চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে । প্ৰমোদ বড়োৱে উল্লেখ কৰা মতে এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনা কৰিব বড়োলেণ্ড চৰকাৰে ।

ছাত্ৰী নিবাসৰ বাবে চৰকাৰৰ ১ কোটি টকা বিটিচিৰ

উল্লেখ্য যে, বৰমা মহাবিদ্যালয়ৰ শৈক্ষিক দিশৰ ওপৰত অধ্যক্ষ টীকেন চন্দ্ৰ দাসৰ লগত আলোচনাত মিলিত হয় প্ৰমোদ বড়োৱে ৷ প্ৰমোদ বড়োৰ সৈতে অনুষ্ঠানত উপস্থিত থাকে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো ৷ মহাবিদ্যালয়খনৰ দিনজোৰা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী মংগল সিং হাজোৱাৰী (Padmashree Mangal Singh Hazowary in Barama College) ৷

লগতে পঢ়ক :বিটিআৰৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.