ETV Bharat / state

বিটিচি নিৰ্বাচনত মই 35 হাজাৰ ভোট লাভ কৰিম : ঘনশ্যাম দাস - Ghanashyam Das's promises before BTC election

বিটিচি নিৰ্বাচনৰ পূৰ্বে নিজ সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰাক্তন এমচিএলএ তথা গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ঘনশ্যাম দাসে ৷ ৰাস্তা পকীকৰণ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমি সমস্যা আদি সমাধান কৰিব বুলি মন্তব্য কৰে দাসে ৷

বিটিচি নিৰ্বাচন
বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ঘনশ্যাম দাসৰ
author img

By

Published : Jul 26, 2020, 5:37 PM IST

Updated : Jul 26, 2020, 11:46 PM IST

বৰমা, 26 জুলাই : বিটিচি নিৰ্বাচনত জয়ী হ'লে প্ৰথমে সমষ্টিটোৰ প্ৰধান সমস্যা হিচাপে থকা কেঁচা ৰাস্তা পকীকৰণ কৰাৰ লগতে দীৰ্ঘদিন ধৰি চলি থকা ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া আৰু ভূমিৰ সমস্যা সমাধান কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দিহিৰা সমষ্টিৰ প্ৰাক্তন এমচিএলএ তথা গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যাম দাসে ।

বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ঘনশ্যাম দাসৰ

দাসে কয় যে, বিগত পাঁচ বছৰৰ কাৰ্যকালত এমচিএলএ পুঁজিৰ ধন খৰছ কৰি মঞ্চ,ৰভাঘৰ,পকী বেৰ আদি নিৰ্মাণেৰে ৰাইজক সহায় কৰি আহিছে । সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ ভোট চাৰিভাগ আৰু ইউপিপিএলৰ ভোট দুভাগ হোৱাৰ ফলত পুনৰ বিজয়ী হ'ব বুলিও দাবী কৰে ঘনশ্যাম দাসে ৷

আনহাতে, আন ৰাজনৈতিক দলসমূহে ভোটাৰক খানা খুৱাই,গোপনে প্ৰচাৰ চলাই,টকা দি নিজৰ ভোট সুৰক্ষিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰে দাসে ৷ তেওঁ কয় যে,খানা খালেও সমষ্টিটোত থকা 61,140 জন ভোটাৰৰ ভিতৰত 35 হাজাৰ ভোটাৰে তেখেতকে ভোট দিব । সম্প্ৰতি বিটিচিত ৰাজ্যপালৰ শাসন চলি থকাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা নাই বুলি মন্তব্য কৰে প্ৰাক্তন এমচিএলএ তথা গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী গৰাকীয়ে ।

লগতে পঢ়ক : ৰংপুৰ : য'ৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

Last Updated : Jul 26, 2020, 11:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.