গোৰেশ্বৰ,২৯ জুলাই : অসমত বান পৰিস্থিতি উন্নত হৈছে । কিন্তু এতিয়াও দিশহাৰা একাংশ বানাক্ৰান্ত (Flood affects Assam)। বানত ঘৰ-মাটি হেৰুৱাই দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে লোকসকলে । বানৰ পাছত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে বহু অঞ্চলত ।
তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে গোৰেশ্বৰৰ একাংশ লোক । বান পৰিস্থিতি উন্নত হোৱাৰ প্ৰায় দুমাহ হ'ল যদিও আজিও মথাউৰিতে থাকিবলগীয়া হৈছে হাৰিঝোৰা গাঁৱৰ বানাক্ৰান্ত (Flood victims in shelter camp in Goreshwar for two months)। সপোনৰ ঘৰখন হেৰুৱাই আজিও আশ্ৰয় শিবিৰতে আছে বহু পৰিয়াল ।
নৱ গঠিত তামুলপুৰ জিলাৰ অন্তৰ্গত আৰু ৰঙিয়া বিধানসভাৰ অন্তৰ্ভুক্ত গোৰেশ্বৰ ৰাজহচক্ৰৰ উত্তৰ হাৰিঝোৰা গাঁৱত বানৰ পাছৰ পৰিস্থিতি অতি উদ্বেগজনক হৈ পৰিছে (Miserable life of flood victims in Goreshwar)। পুঠিমাৰী নৈৰ বিধ্বংসী বানে সৃষ্টি কৰা সন্ত্ৰাস যেন এতিয়াও শেষ হোৱা নাই গাঁৱখনৰ কিছুসংখ্যক লোকৰ বাবে । সৰ্বস্ব হেৰুৱাই আজি বানাক্ৰান্তৰ মুখত কেৱল চকু পানী । মথাউৰিয়ে একমাত্ৰ আশ্ৰয়ৰ ভৰষা লোকসকলৰ বাবে ।
দুমাহে মথাউৰিৰ ওপৰতে দিন ৰাতি একাকাৰ কৰি চৰকাৰলৈ বাট চাই ৰৈছে পৰিয়ালকেইটা । চৰকাৰে নিশ্চয় সপোনৰ ঘৰখন পুনৰ নিৰ্মাণ কৰাত সহায় কৰিব বুলি আশাবাদী বানাক্ৰান্ত পৰিয়ালকেইটা । কেৱল ঘৰকেইটাই নহয় কৃষিভূমিও বানে কাঢ়ি নিলে বহু কেইটা পৰিয়ালৰ । যাৰ বাবে চৰম হতাশাত আছে পৰিয়ালকেইটা ।
ইফালে সামান্য বান সাহায্য লাভ কৰিছে যদিও ভৱিষ্যতৰ কথা চিন্তা কৰি উদ্বিগ্ন হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটা । কিন্তু এই পৰিয়ালকেইটাৰ বাবে চৰকাৰে কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰিব নে ?
লগতে পঢ়ক :Broken culvert : ভগ্ন কালভাৰ্টৰ বাবে আমগুৰিত ব্যাহত যাতায়াত ব্যৱস্থা