ETV Bharat / state

অগ্নিকাণ্ডত জাহ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠান - বৈদ্যুতিক চৰ্ট চাৰ্কিট

মুছলপুৰত অগ্নিকাণ্ডত জাহ গ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰায় তিনিলক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট ৷ বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড হোৱাৰ সন্দেহ ৷

fire
fire
author img

By

Published : Nov 4, 2020, 10:20 AM IST

বৰমা, 4 নবেম্বৰ : বাক্সাৰ মুছলপুৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ মুছলপুৰৰ সুমিত্ৰা ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হৈছে অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত প্ৰায় তিনি লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড হোৱাৰ সন্দেহ স্থানীয় ৰাইজ তথা স্বত্বাধিকাৰীৰ ৷

fire
অগ্নিকাণ্ডত জাহ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠান

জানিব পৰা মতে বুধবাৰে পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱা লোকে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত জুই লগা প্ৰত্যক্ষ কৰি মালিকপক্ষৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্ৱে ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰৰ সামগ্ৰী জুইত জাহ যায় ৷ দোকানখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে প্ৰায় তিনি চাৰি লাখ টকাৰ সামগ্ৰী জুইত জাহ গৈছে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.