ETV Bharat / state

বাক্সাত এবছুৰ কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

author img

By

Published : Jan 2, 2020, 4:31 AM IST

ৰূপহীত অচিনাক্ত দুৰ্বৃত্তই মঙলবাৰে জ্বলাই দিয়ে ৰূপহী আঞ্চলিক এবছুৰ কাৰ্যালয়টো ৷ নিশা প্ৰায় 10.30 বজাত দুৰ্বৃত্তৰ এটা দলে সংঘটিত কৰে উক্ত ঘটনা ৷ জুইত কাৰ্যালয়টোৰ ৰান্ধনিগৃহটো জাহ যোৱাৰ উপৰিও বিভিন্ন আচবাব আৰু নথি-পত্ৰও জাহ যায় ৷

বাক্সা
এবছুৰ কাৰ্যালয়ত অগ্নিসংযোগ

শালবাৰী,1 জানুৱাৰীঃ বাক্সা জিলাৰ শালবাৰীৰ ৰূপহীত অচিনাক্ত দুৰ্বৃত্তই মঙলবাৰে জ্বলাই দিয়ে ৰূপহী আঞ্চলিক এবছুৰ কাৰ্যালয়টো ৷ নিশা প্ৰায় 10.30 বজাত দুৰ্বৃত্তৰ এটা দলে সংঘটিত কৰে উক্ত ঘটনা ৷ কাৰ্যালয়টোৰ উপৰিও সংগঠনটোৰ এগৰাকী সদস্যৰ বাইক আৰু চাইকেল এখনো জ্বলাই দিয়ে দুৰ্বৃত্তই ৷ লগতে আন আন বাহনসমূহৰো ক্ষতিসাধন কৰে ৷ জুইত কাৰ্যালয়টোৰ ৰান্ধনিগৃহটো জাহ যোৱাৰ উপৰিও বিভিন্ন আচবাব আৰু নথি-পত্ৰও জাহ যায় ৷ উল্লেখ্য যে,ঘটনাৰ সময়ত কাৰ্যালয়টোৰ ভিতৰত কেইজনমান এবছু সদস্য উপস্থিত আছিল যদিও দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণৰ ভাবুকি দিয়ে সদস্যকেইজনক ৷

ঘটনাটোত বি পি এফ ৰ যুৱ কৰ্মীসকল জড়িত থকাৰ সন্দেহ

ততালিকে ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ জুই নিৰ্বাপণ কৰে ৷ ঘটনাটোত বি পি এফ ৰ যুৱ কৰ্মীসকল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰূপহী আঞ্চলিক এবছুৱে ৷ ইতিমধ্যে ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে,বুধবাৰে পুৱাৰ ভাগত একাংশ উত্তেজিত ৰাইজে ৰূপহীস্থিত বি পি এফ ৰ কাৰ্যালয়টো লণ্ডভণ্ড কৰাৰ উপৰিও এখন বাইক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে । সম্প্ৰতি সমগ্ৰ এলেকাটোত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে ৷

লগতে চাওকঃনতুন বছৰটোৰ প্ৰথমটো দিনতে বৃদ্ধি ৰে’ল ভাড়া

Intro:Body:বাক্সাৰ শালবাৰীৰ ৰূপহীত দুবৃত্তই জ্বলালে এবছুৰ কাৰ্যালয়:যোৱা নিশা ১৫/২০ জনীয়া দুবৃত্তৰ দলে সংঘটিত কৰে এই ঘটনা*বিপিএফৰ কাৰ্যালয়ও লণ্ডভণ্ড:

বাক্সা:১ জানুৱাৰী:
বাক্সাৰ শালবাৰীৰ ৰূপহীত দুবৃত্তই জ্বলালে ৰূপহী আঞ্চলিক এবছুৰ কাৰ্যালয় ৷ যোৱানিশা প্ৰায় ১০-৩০ বজাত ১৫/২০ দুবৃত্তৰ এটা দলে সংঘটিত কৰে এই ঘটনা ৷ কাৰ্যালয়টোৰ উপৰি দুবৃত্তই জ্বলাই দিয়ে এবছু কৰ্মীৰ এখন পালছাৰ বাইক আৰু চাইকেল ৷ আনহাতে চোকা অস্ত্ৰেৰে আন এখন বাইকৰো ক্ষতিসাধন কৰে দুবৃত্তই ৷ কাৰ্যালয়টোৰ ৰান্ধনিশালটো জুইত জাহ যোৱাৰ উপৰি বিচনা, চকী-মেজ, বিভিন্ন নথি-পত্ৰও জাহ যায় জুইত ৷ কাৰ্যালয়ৰ টিভিকে ধৰি আন বহুতো আচবাব লণ্ডভণ্ড কৰে দুবৃত্তৰ দলটোৱে ৷ উল্লেখযোগ্য যে ঘটনাৰ সময়ত কাৰ্যালয়টোৰ ভিতৰত কেইজনমান এবছু সদস্য উপস্থিত আছিল যদিও দুবৃত্তৰ দলটোৱে আক্ৰমণৰ ভাবুকি দিয়ে সদস্যকেইজনক ৷ ইফালে নিশা ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এই ঘটনাত যুৱ বিপিএফ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰূপহী আঞ্চলিক এবছুৱে ৷ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলজুৰি ৷ আনহাতে পুৱা একাংশ উত্তেজিত ৰাইজে ৰূপহীস্থিত বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ উপৰি এখন বাইক ভাঙি চুৰ্ণ বিচুৰ্ণ কৰে। সম্প্ৰতি এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে সমগ্র ৰূপহী এলেকা।

দিলীপ বড়ো, বাক্সা, ০১/০১/২০Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.