বাক্সা, ৫ফেব্ৰুৱাৰীঃ 'অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁঁচনি-২০২০' ৰ অধীনত বাক্সা জিলাৰ ফাটেমাবাদ চাহ বাগিছাৰ ১০৭০ গৰাকী হিতাধিকাৰীৰ মাজত শুকুৰবাৰে আঁচনিৰ ধনৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷ এই আঁচনিৰ অধীনত চেক বিতৰণ কৰে শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে ৷
এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে ফাটেমাবাদ চাহ বাগিচাৰ জেষ্ঠ্য পৰিচালক জিতেন্দ্ৰ সিঙৰ লগতে আন কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী ৷ মানচুদ খাৰকাদিয়াই সভাপতিত্ব কৰা সভাত 'অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁঁচনি-২০২০' সন্দৰ্ভত ভাষণ ৰাখে নিত্য বিনোদ ওৱাৰীয়ে ৷
উল্লেখ্য যে, এই আঁচনিৰ অধিনত প্ৰত্যেক জন বাগিচাৰ হিতাধিকাৰীক তিনি হাজাৰ টকাকৈ দিয়া হৈছে ৷
লগতে পঢ়ক: নগাঁৱত AJYCP ৰ প্ৰতিবাদত আৰক্ষীৰ বাধা